অসমশীৰ্ষ

পথৰ ওপৰত ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা লম্পট যুৱকৰ

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: টিহুৰ নাতি দূৰৈৰ সন্ধেলীত আজি দুপৰীয়া এগৰাকী ছাত্ৰীক পথৰ ওপৰত এজন লম্পট যুৱকে শ্লীলতা হানিৰ চেষ্টা কৰে। ‌এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।‌ ঘটনাৰ পৰিণতিত যুৱকজন আৰক্ষীৰ আলহী হ’বলগীয়া হোৱাৰ লগতে তেওঁ ব্যৱহাৰ কৰা মটৰ চাইকেল এখনো ৰাইজে জ্বলাই দিয়াৰ ফলত জ্বলি শেষ হয়।‌

ঘটনাৰ বিৱৰণী অনুসৰি আজি সন্ধেলীস্থিত বীণাপাণি হাইস্কুল ছুটীৰ পিছত সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকী চাইকেলেৰে গৃহাভিমুখে গৈ থাকোঁতে মটৰ চাইকেলেৰে অহা যুৱক এজনে বাট আগচি হাতত ধৰি শ্লীলতা হানিৰ চেষ্টা চলাই। অনাকাংক্ষিত ‌ ঘটনাত হতচকিত ছাত্ৰী গৰাকীয়ে চিঞৰ-বাখৰ লগোৱাত বহু সংখ্যক লোক গোট খায়।‌ পিছত উত্তেজিত ৰাইজে যুৱকজনক গুৰুলা-গুৰুলকৈ মাৰধৰ কৰাৰ উপৰি তেওঁ ব্যৱহাৰ কৰা এএছ ১৪ ই ০৭২১ নম্বৰৰ মটৰ চাইকেলখনো জ্বলাই দিয়ে।‌ ঘটনাৰ খবৰ পাই বেলশৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ছাত্ৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে।‌ যুৱকজন টিহু থানাৰ অন্তৰ্গত দলৈগাঁৱৰ ইব্ৰাহীম আলী (২৪) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।‌

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close