অসম

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰি-আলিত ভয়াৱহ পথ দুৰ্ঘটনা

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত খেৰণি চাৰি-আলিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। যান্ত্ৰিক বিজুতি ঘটি নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা মোবাইলে। দোকানৰ সামগ্ৰী কঢ়িয়াই লংকাৰ পৰা উমৰাংছ’ অভিমুখে গৈ আছিল উক্ত বাহনখন। স্থানীয় ৰাইজৰ তৎপৰতাত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে।

গুৰুতৰভাৱে আহত হোৱা দুই ব্যৱসায়ীক। উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্ৰেৰণ দীপক দে আৰু বলাই চাহ নামৰ ব্যৱসায়ী দুজনক। কম পৰিমাণে আঘাতপ্ৰাপ্ত চালক নিৰ্মল দাসকো উদ্ধাৰ ঘটনাস্থলীৰ পৰা। উল্লেখ্য যে দোকানৰ বাবে কঢ়িয়াই নিয়া প্ৰায় ডেৰ লক্ষাধিক টকাৰ মূল্যৰ সামগ্ৰী দুৰ্ঘটনাৰ ফলত তচনচ হৈ বিনষ্ট হয় ঘটনাস্থলিত। দূৰ্ঘটনাগ্ৰস্ত হোৱা টাটা মোবাইখনৰ নম্বৰ হৈছে এ এছ ০২ এ চি ৫১৮৪।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close