অসম

পাৰ্বত্য জিলা কাৰ্বি আংলঙত ফুল ঝাড়ুৰ বৃহৎ ছিণ্ডিকেট

খেৰণিৰ পৰা কনক দেউৰী,প্ৰথম খবৰ:দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এক দেশ এক কৰাৰ সম্পৰ্কে যেন কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে তিল মানো গুৰুত্ব প্ৰদান নকৰে। কাৰ্বি পৰিষদীয় চৰকাৰে অনুমোদন প্ৰদান কৰা মহলদাৰ সকলৰ দৌৰাত্মাত মূৰে কপালে হাত দিব লগাত পৰিছে কাৰ্বি পাহাৰৰ ঝাড়ু কৃষক ৰাইজে। মহলদাৰসকলে উচিত মূল্যৰ পৰা বঞ্চিত কৰিছে ফুল ঝাড়ু কৃষক সকলক। উপায় নাপাই বহু কৃষকে নিজৰ শৰীৰৰ কেঁচা ঘাম মাটিত পেলাই উৎপাদন কৰা ঝাড়ু হয়তো পানীৰ দৰত বিক্ৰী কৰিব লগীয়াত পৰিছে আৰু বহুজন কৃষকে আনকি খেতিত শুকুৱাই পেলাই নষ্ট হবলৈ দিছে। ইফালে মেঘালয়ৰ পৰা অহা ঝাড়ু ব্যৱসায়ীসকলে কেজিয়ে প্ৰতি (এক কেজিত) ঝাড়ুৰ মূল্য ২৫-৩০ টকা দিয়াৰ বিপৰীতে কাৰ্বি আংলঙৰ মহলদাৰসকলে কেৱল ১০-১৫ টকা দিয়েই বলপূৰ্বকভাৱে ক্ৰয় কৰাৰ চেষ্টা কৰিছে। আনহাতে অধিক মূল্য দি ক্ৰয় কৰিব বিচৰা ব্যৱসায়ী সকলৰ ওচৰত বিক্ৰী নকৰিবলৈ ও কৃষক ৰাইজক বাধা প্ৰদান কৰি আহিছে পৰিষদৰ পৰা অনুমোদন লাভ কৰা মহলদাৰসকলে। আৰু এনে দৰে এতিয়া কাৰ্বি পাহাৰৰ ঝাড়ু কৃষি ক্ষেত্ৰত শোষণ চলাইছে তুলিৰাম চৰকাৰৰ মহলদাৰ সকলে। যাৰ পৰিপ্ৰেক্ষিতত তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন পৰিষদীয় বিজেপি চৰকাৰৰ ছিণ্ডিকেটৰাজৰ তীব্ৰ প্ৰতিবাদ জনাই পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। কাৰ্বি ছাত্ৰ সংস্থাৰ জিৰিকিন্দেঙ শাখাই আয়োজন কৰা সভাত ছাত্ৰ সংস্থাটোৰ কেন্দ্ৰীয় সভাপতি চেমচন টেৰনে অংশগ্ৰহণ কৰি ফুল ঝাড়ু কৃষকৰ সমস্যাৰ বুজ লয় আৰু সভাত ছাত্ৰ নেতা গৰাকীয়ে পৰিষদ চৰকাৰখনে এনেদৰে কৃষকক শোষণ চলোৱা নীতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

Related Articles

Leave a Reply

Close