Home / অসম / পুনৰ ৰঙিয়া ৰে’ল সংমণ্ডলৰ শিৰত সংযোজন হ’ল আৰু এটা পাখিৰ

পুনৰ ৰঙিয়া ৰে’ল সংমণ্ডলৰ শিৰত সংযোজন হ’ল আৰু এটা পাখিৰ

প্ৰথম খবৰ,ৰঙিয়া: স্বচ্ছতাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰত সপ্তম স্থান দখল কৰি ৰঙিয়া ৰে’ল ষ্টেচনে গৌৰৱ কঢ়িয়াই অনাৰ উপৰিও ৰঙিয়া ৰে’ল ষ্টেচনেক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। ফলত এই ৰে’ল ষ্টেচনটো দেশৰ সকলো যাত্ৰীৰ আৰ্কষণৰ কেন্দ্ৰ বিন্দুত পৰিণত হৈছিল। পুনৰ এই সংমণ্ডলৰ শিৰত সংযোজন হ’ল আৰু এটা পাখিৰ। সংমণ্ডলটোয়ে ৰাজ ভাষা ব্যৱহাৰ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰত উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাজ ভাষা বিভাগে তৃতীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰে। ৰে’ল সংমণ্ডলে এই পুৰস্কাৰ দখল কৰি ৰাজ্যৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিছে। ৰঙিয়া ৰে’ল সংমণ্ডলৰ ৰাজ ভাষা সচিব গনেশ প্ৰসাদে বিহাৰৰ ৰাজধানী পাটনাৰ সম্ৰাট অশোক কনভেনশ্বন কেন্দ্ৰ, জ্ঞান ভৱনত আয়োজিত পূৱ আৰু পূৰ্বোত্তৰ সন্মিলন তথা বঁটা বিতৰণ সমাৰোহত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰন ৰিজিজুৰ পৰা এই পুৰস্কাৰ গ্ৰহণ কৰে। অনুষ্ঠানত ভাৰত চৰকাৰৰ সচিব প্ৰভাস কুমাৰ ঝা সহ আন আন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে, ৰঙিয়া ৰে’ল সংমণ্ডলৰ ৰাজ ভাষা বিভাগ ২০১৪ চনত স্থাপন কৰা হয়। বৰ্তমানে এই বিভাগত ৰঙিয়া ৰেল সংমণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধক ৰবিলেশ কুমাৰ সভাপতি আৰু উপ-মাণ্ডলিক প্ৰৱন্ধক সন্তোষ কুমাৰ শৰ্মা উপসভাপতি হিচাপে গৌৰৱ কঢ়িয়াই আনিছে। ৰঙিয়া ৰে’ল সংমণ্ডলৰ এই বিৰল সম্মানৰ বাবে সকলোৱে ৰাজ ভাষা বিভাগৰ ভূয়সী প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*