নিবন্ধশীৰ্ষ

পৰিচয় মাথোঁ মানৱতা

ডঃ বিক্ৰমজিত কাকতি:

ৰাইজৰ ভাষাত সি এটা মিঞা! চিনাকিৰ সংকটত ভোগা এটা জাতিৰ প্ৰতিনিধি। কোনোবা পূৰ্বপুৰুষ পূৰ্ব বংগৰপৰা অহা। না এতিয়া অসমীয়া, না বাংলাদেশী… পৰিচয়ৰ সংকটত ভোগা এখন সমাজক প্ৰতিনিধিত্ব কৰিছে।

ৰে’লখনত মোৰ সন্মুখৰ ছিটটোত বহি আছে মূৰত টুপি ঠুতুৰিত দাড়ি আৰু গলত গামোছা এখন লৈ। লগত দুজনী কণমানি ছোৱালী ছয়ৰপৰা সাতবছৰ বয়সৰ হ’ব। কিন্তু দেখাত মংগোলীয় মুখমণ্ডল। মোৰো উৎসুক মন, কম্বিনেচনটো নিমিলা দেখি মনতে ভাবিলোঁ কথাটো কি বুজ লোৱা যাওঁক।

কথা প্ৰসংগত গম পালোঁ তেখেতৰ নাম হাইদৰ আলী। বিটিচিৰ কোনো এঠাইত ঘৰ। বঙাইগাঁৱত কেতিয়াবা ৰিক্সা চলায়, কেতিয়াবা হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। এই ছোৱালী দুজনী জঁজা, বড়ো সম্প্ৰদায়ৰ ছোৱালী। মাক দেউতাক সৰুতেই ঢুকাইছে। চাবলৈ কোনো নথকাত হাইদৰেই ডাঙৰ কৰা দায়িত্ব ল’লে আৰু সেইবাবেই তেখেতে বিয়া বাৰু নাপাতিলে।

এতিয়া দুয়োজনী ছোৱালীয়েই স্কুলত পঢ়ি আছে। মই বাৰে বাৰে অনুৰোধ কৰিলোঁ ফোন নম্বৰটো দিয়ক। কেতিয়াবা লাগিলে সহায় কৰিম। উত্তৰত মাথোঁ কলে, দাদা মোক পাব্লিচিটী নালাগে। মই শান্তিত আছোঁ, শান্তিত থাকিব দিয়ক।

পাছৰ ষ্টেচনত তেখেত নামি গ’ল। তেখেতৰ কথাটো মই মনতে ভাবিলোঁ, আপুনি পৰিচয় সংকটত ভোগা নাই, আপোনাৰ পৰিচয় ’মানৱীয়তা’।

তাৰ পাছতে মই ভাবিলোঁ, ইমান পঢ়ি শুনি মই কি কৰি আছোঁ, মোৰ আই আই টিৰপৰা কৰা পি-এইচ ডি ডিগ্ৰীৰ কাম কি যদি মই বৃহত্তৰ অসমীয়া জাতিৰ উন্নতিৰ বাবে একো কৰিব পৰা নাই!

এই ঘটনাৰ পাছতেই মোৰ জীৱনে নতুন মোৰ ল’লে মই ডন বস্কো ইউনিভাৰ্চিটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ মাধ্যমৰে সমাজ সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গিত কৰিলোঁ।

আজিও ৰে’লত ভ্ৰমণ কৰিলে মোৰ চকু দুটাই হাইদৰ আলিক বিচাৰি চায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close