শেহতীয়া
Home / সভা-সমিতি / ফিল’বাৰীত বিহু কৰ্মশালা

ফিল’বাৰীত বিহু কৰ্মশালা

ফিল’বাৰীপৰা সুৰজিৎ বড়া, প্ৰথম খবৰ: ২৬ মাৰ্চৰপৰা ১৩ এপ্ৰিললৈকে তিনিচুকীয়া জিলাৰ ফিল’বাৰীত বৰগাঁও অৰুণজ্যোতি যুৱক সংঘৰ উদ্যোগত বিহু কৰ্ম‌শালি অনুস্থিত কৰিছে।
কণ কণ শিশুসকলে ভাগ লোৱা এই আখৰাত অঞ্চলটোৰ বহু ঢোল বাদক, নাচনী আদি নকৈ শিকি বিহুৰ ব্যাপক প্ৰস্তুতিও চলিছে।

আনহাতে, এক সাংস্কৃতিক যুদ্ধ য’ত দুস্কৃতিয়ে আবৰিব নোৱাৰে তেনে এক কাৰ্য পন্থা হাতত লৈয়ে আয়োজকসকলে বিহুৰ আখৰাত ভাগ ল’বলৈ আহ্বান জনাইছে। মন কৰিবলগীয়া যে, বিগত কিছুদিন আগতেও চিকৰাজান জাতীয় বিদ্যালয়ত, শংকৰদেৱৰ শিশু নিকেতন, ফিল’বাৰী আৰু গাভৰুভেটি ৰাস স্থলীতো বিহুৰ কৰ্মশালা সুন্দৰভাৱে অনুস্থিত হৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*