অসম

বঙাইগাঁৱৰ ভাটিপাৰা হাইস্কুলত কম্পিউটাৰ চুৰি

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটিপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ টাকৈ কম্পিউটাৰ নিশা চোৰে চুৰি কৰি নিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা চোৰে কম্পিউটাৰ ৰুমৰ তলা ভাঙি ১১ টা কম্পিউটাৰ চুৰি কৰি লৈ যায়। আজি ৯ বজাত স্কুললৈ আহি ৰুমৰ দৰজা ভঙা দেখি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত হুৱা দুৱা লাগে। ২ বছৰ আগতেও বিদ্যালয়ৰ পৰা ২ টা কম্পিউটাৰ চুৰি হোৱাৰ কথাও জানিব পৰা যায়। ঘটনা সংক্ৰান্তত ইতিমধ্যে মানিকপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে। চৰকাৰে কম্পিউটাৰ দিছে যদিও শিক্ষক দিয়াৰ লগতে সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ বিভিন্নজনে দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close