অসমগুৱাহাটী

বাইহাটা চাৰিআলিত শিশু শ্ৰমিক উদ্ধাৰ

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰঃ কামৰূপ জিলাৰ বিভিন্ন ঠাইত কিম্বা উদ্যোগ একাংশত বৰ্তমান সময়ত শিশু শ্ৰমিকৰে ভৰি থকাৰ সময়ত মঙ্গলবাৰে বাইহাটা চাৰিআলিত জিলা প্ৰশাসন, চাইল্ড লাইন আৰু শ্ৰম বিভাগে যুটীয়া অভিযান চলায় সামান্য সফলতা লাভ কৰে। মঙ্গলবাৰে বাইহাটা চাৰিআলিত এগৰাকী ব্যক্তিৰ ঘৰত বৰপেটাৰ অসাধু ঠিকাদাৰ এগৰাকীৰ তত্বাৱধানত শ্ৰমিক আইন ভংগ কৰি শ্ৰম কৰোৱাই থকা বৰপেটাৰ দুজন শিশু শ্ৰমিকক আৰক্ষীৰ সহযোগত এই অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনা সংঘটিত কৰা তথা শিশু শ্রমিক নিয়োগ কৰা ঠিকাদাৰ বৰপেটাৰ মজিবৰ আলীৰ বিৰূদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অভিযানকাৰী দলটোৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। প্ৰাপ্ত তথ্য অনুযায়ী মঙ্গলবাৰে এই শিশু শ্রমিক উদ্ধাৰ অভিযানকাৰী দলটোত বচপন্ বচাঅֹ’ সংস্থাৰ লগতে কাৰ্যবাহী দণ্ডাধীশ কুমাৰ সুৰজিত বৰা আৰু শ্ৰম পৰিদৰ্শক বিষয়া ভাষ্যতি কলিতাও উপস্থিত আছিল।

উল্লেখ্য যে, বাইহাটা চাৰিআলিৰ লগতে বৃহত্তৰ চাংসাৰিৰ কিছুমান ব্যক্তিৰ বিল্ডিং বনোৱা কাৰ্য্যত, একাংশ চাহ দোকান, ইটাভাটা আদিত এচাম দুষ্ট প্ৰবৃত্তিৰ লোক লগতে বিল্ডিং বনোৱা ঠিকাদাৰে নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে কম পাৰিশ্ৰমিকেৰে শিশু শ্ৰমিক নিয়োজিত কৰি আহিছে। এই সফলতাৰ পিছতে কামৰূপ প্ৰশাসন, চাইল্ড লাইন, শ্ৰম বিভাগ লগতে আৰক্ষীক এইবিলাকৰ ওপৰতো শীঘ্ৰে চকু ফুৰোৱাই শিশু শ্ৰমিক ৰোধ কৰাটো সচেতন ৰাইজে বাঞ্চা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close