অসম

বাদুলিপাৰ-দেৰগাঁওত ৩৭নং ৰাষ্টীয় ঘাইপথ অবৰোধ

বাদুলিপাৰৰপৰা পাৰ্থপ্ৰতীম বৰুৱা,প্ৰথম খবৰঃ মঙ্গলবাৰে টিএমপিকে আৰু এমএমকে‍ৰ সমর্থনত বন্ধ দিয়া অসম বন্ধ সফলৰ বাবে চৰ অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবৰ বাবে উলাই শ শ প্ৰতিবাদীকাৰী লোক৷ জনজাতিৰ বাবে‍ সংৰ‍িক্ষত ১২১৫৫ পদ নিদির্ষ্ট সময়সীমাৰ ভিতৰত পূৰণ কৰা, লাইকা-দধীয়াৰ বান-খহনীয়া বিধস্ত জনজাতি কৃষকক শীঘ্ৰে সংস্থাপন দিয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৫৩৫খন গাঁৱৰ ডেৰ লক্ষ কার্বি, মিচিং, বডে়া আৰু আদিবাসীক আগন্তুক পঞ্চায়ত নির্বাচনত ভোটাধিকাৰ প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ৷ প্ৰতিবাদী মিছিং সম্প্ৰদায়ৰ লোকসকলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাৱস্ত কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close