অসম

বাপুপাৰা দ্বিতীয় খণ্ডত ৰাভা হাচংৰ দ্বাৰা ৬১০ মিটাৰ গ্ৰাম্য পথৰ কামৰ শুভাৰম্ভ

আগিয়াৰৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: ৰাভা হাচং স্বায়ত্ব শাখিত অঞ্চলৰ অন্তৰ্গত বালিজানা গাঁও পঞ্চায়তৰ অন্তৰ্ভূক্ত দেৱোত্তৰ বাপুপাৰা দ্বিতীয় খণ্ডৰ নাথপাৰা গাঁওৰ গাঁওবাসীৰ অতিকৈ প্ৰয়োজনীয় একমাত্ৰ কেঁচা গ্ৰাম্য পথটোৰ মেৰামতিৰ আজি শুভ উদ্বোধন কৰে।

প্ৰাপ্ত বাতৰি মতে, আজি পুৱা ৯.৩০ বজাত ৰাভা হাচং স্বায়ত্ব শাখিত ১৫ নং মুক্ত আগিয়া সমষ্টিৰ ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ সভাপতি যোগেশ চন্দ্ৰ নাথে গাঁওৰ ৰাইজৰ মাজত পথটিৰ শুভ উদ্বোধন কৰে।

জানিব পৰা মতে, গাঁওখনৰ চলাচলৰ একমাত্ৰ কেঁচা গ্ৰাম্যপথটি আজি বছৰৰ পাছত বছৰ ধৰি মেৰামতিৰ অভাৱত পথটিৰ অৱস্থা অতি পুতৌ জনক হৈছিল সেই বাবে উক্ত গ্ৰাম্যপথটি নিৰ্মাণৰ বাবে গাঁওৰ ৰাইজে গোৱালপাৰা জিলাৰ পশ্চিম বিধান সভা সমষ্টিৰ বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডলৰ লগতে বালিজানা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰত্না নাথক কাকূটি মিনতি কৰিও আজিলৈকে কোনো ফল নোপোৱাত একপ্ৰকাৰ গঞা ৰাইজৰ উক্ত জন প্ৰতিনিধি দুজনৰ ওপৰত আস্থা হেৰাই পেলাইছে, কিন্তু ৰাভা হাচং স্বায়ত্ব শাখিত অঞ্চলৰ সম অধিকাৰ সম উন্নয়ন শ্লোগান যেন বাস্তৱত পৰিণত হ’ল। যুৱ নেতা যোগেশ চন্দ্ৰ নাথৰ প্ৰচেষ্টাত আৰু বালিজানা অঞ্চলৰ বাবে এজন বিশ্বাস যোগ্য তথা গুণগত মান বজাই ৰখা ঠিগাদাৰ কৃষ্ণা প্ৰশাদ সিংৰ নেতৃত্বত এই কেঁচা পথটিৰ ৬১০ মিটাৰ কাম অঞ্চলৰ ৰাইজে বিচৰা খুকলুং নৈৰ বালি আৰু শিলেৰে মেৰামতি কৰিব বুলি জনায় অৱশ্যে পথটিৰ দৈৰ্ঘ্য অনুপাতে সিমান খিনি কামেৰে কেঁচা পথটিৰ মেৰামতি সম্পূৰ্ণ নহ’ব জানিব পৰা মতে পথটি নিৰ্মাণৰ বাবে ৬ লাখ টকা আঁচনি কৃত ধন লাভ কৰা বুলি আজি উদ্বোধনী অনুষ্ঠানত ভাষণত যোগেশ চন্দ্ৰ নাথে জানিবলৈ দিয়ে। উদ্বোধনী অনুষ্ঠানত গঞা ৰাইজে সুখী হৈ যুৱ নেতা তথা ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ সভাপতি যোগেশ নাথক যিহেতু কেঁচা পথচোৱা কলিতাপাৰা আৰু নাথপাৰা ৰাইজৰ মাজেৰে বৈ গৈছে সেয়েহে কলিতাপাৰা ৰাইজে এখন আৰু নাথপাৰাৰ ৰাইজে এখন আনপিনে নাথযোগী ছাত্ৰ সন্থাই এখনকৈ তিনিখন ফুলাম গামোচা প্ৰদান কৰে।

শুকুৰবাৰে গ্ৰাম্য পথছোৱা শুভ উদ্বোধন অনুষ্ঠানত নাথৰ লগত যৌথ সংগ্ৰাম সমিতিৰ সদস্য খলিন ৰাভা, ধনঞ্জয় নাথ, ৰূপম সূত্ৰধৰৰ উপৰি ভালেকেইজন বিষয় ববীয়াৰ উপৰি গঞা ৰাইজ উপস্থিতত এক উৎসৱ মুখৰ পৰিস্থিতি সৃষ্টি হয়। সঁচা অৰ্থত এটা পথ মেৰামতিৰ নামত উখল মাখল পৰিস্থিতি সম্ভৱতঃ জিলা খনত এয়াই প্ৰথম হ’ব। যাৰ পৰিপেক্ষিতত সচেতন মহলে ৰাভা হাচং স্বায়ত্ব শাখিত অঞ্চলৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক ভূয়সী প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Close