Home / অসম / বিধানসভাত ২০১৮–১৯ বৰ্ষৰ বাজেট দাখিল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিধানসভাত ২০১৮–১৯ বৰ্ষৰ বাজেট দাখিল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: প্ৰথমবাৰলৈ ডিজিটেল বাজেট দাখিল অসমত। বাজেট ভাষণৰ আৰম্ভণিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ,পথৰুঘাটৰ কৃষক বিদ্ৰোহকো স্মৰণ হিমন্ত বিশ্ব শৰ্মাৰ।

বিধানসভাত ২,১৪৯ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰা হয়। ২০১৭–১৮ত বাৰ্ষিক ঘৰুৱা উৎপাদন ২,৫৮,৩৩৭ কোটি টকা। ২০১৬–১৭ বৰ্ষতকৈ ১৫ শতাংশ অধিক ঘৰুৱা উত্‍পাদনৰ হাৰ। ১২৯ পৃষ্ঠাৰ বাজেট বহু নতুন প্ৰতিশ্ৰুতি বিত্ত মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ। বাক্সা, ওদালগুৰি, চিৰাঙত নতুন কলেজৰ প্ৰতিশ্ৰুতি। মেগা স্কীল চিটীৰ বাবে ১৮ কোটি টকা ধাৰ্য বাজেটত। ডিমা হাচাওত শস্য কলেজ,ৰাজ্যিক শ্ৰমিক গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠান,ৰাজ্যিক ৰাজহুৱা বিত্ত প্ৰতিষ্ঠান স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

সোণাই,চেঙা,বটদ্ৰৱা,জলেশ্বৰ,গোলকগঞ্জ,বিলাসীপাৰা,মঙলদৈ,হাইলাকান্দি, কৰিমগঞ্জত হ’ব মহিলা কলেজ। সংখ্যালঘু অধ্যুষিত এলেকাৰ বাবে স্থাপন কৰা হ’ব এই কলেজ। টিংখং,মাজুলী আৰু হাজোত ৩খন পলিটেকনিক কলেজৰ প্ৰস্তাৱ। এই বছৰতে দুখন অভিযান্ত্ৰিক কলেজৰ নিৰ্মাণ। বাজেটত ১০খন নতুন B Ed. কলেজ স্থাপনৰ প্ৰস্তাৱ। পশ্চিম কাৰ্বি আংলং, বঙাইগাঁও, বাক্সা, নলবাৰী, কামৰূপ, মৰিগাঁও, ডিমা হাছাও, শিৱসাগৰ, বিশ্বনাথ, লখিমপুৰত হ’ব B Ed. কলেজ। লগতে ১০খন নতুন চৰকাৰী আইন মহাবিদ্যালয় স্থাপনৰো প্ৰতিশ্ৰুতি। ধুবুৰী, নলবাৰী, ৰঙিয়া, ডিফু, যোৰহাট, তেজপুৰ, শিলচৰ, লখিমপুৰত হ’ব নতুন আইন মহাবিদ্যালয়।

কৰিমগঞ্জত হ’ব নতুন মেডিকেল কলেজ। এই বৰ্ষত আৰম্ভ তিনিখন মেডিকেল কলেজৰ নিৰ্মাণৰ কথা উল্লেখ বাজেট ভাষণত। কোকৰাঝাৰ,তিনিচুকীয়া,নলবাৰী,ডিফু,ধুবুৰী,নগাঁৱত হ’ব মেডিকেল কলেজ। লখিমপুৰতো চলি আছে মেডিকেল কলেজৰ নিৰ্মাণৰ কাম। উত্তৰ–পূবৰ মেডিকেল কলেজ নথকা ৰাজ্যলৈ বিশেষ ব্যৱস্থা ২০১৮–১৯ বৰ্ষৰ বাজেটত। অসমৰ মেডিকেল কলেজত দুখনকৈ আসন সংৰক্ষণ। উত্তৰ–পূবৰ ৰাজ্য সামৰি উত্তৰ–পূব ফাউণ্ডেচন গঠন।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*