অসমনগাঁও

বিধায়ক নুৰুল হুদাৰ উদ্যোগত ৭৮৯ গৰাকীক প্ৰশাসনিক সেৱাৰ প্ৰস্তুতিৰ প্ৰশিক্ষণ

প্ৰথম খবৰ,ৰূপহীহাট:‌‌ নগাঁৱৰ ৰূপহী মহাবিদ্যালয়ত প্ৰশাসনিক সেৱা ইউপিএছচি/এপিএছচিৰ প্ৰস্তুতিৰ এখনি বাচনী পৰীক্ষা অনুষ্ঠিত হয়। ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ সহযোগত প্ৰশাসনীয় সেৱাত অৱতীৰ্ণ হোৱাৰ বাবে অনুষ্ঠিত কৰা হয় এই বাচনি পৰীক্ষা। সমষ্টিখনৰ ৰূপহী আৰু জুৰীয়া মহাবিদ্যালয়ৰ লগতে নগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ৭৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে এই বাচনি পৰীক্ষাত। আজি অনুষ্ঠিত এই পৰীক্ষাৰ জৰিয়তে অঞ্চলটোৰ নিবনুৱা উপকৃত হ’ব বুলি ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষই জনায়৷ অধ্যক্ষ ড° ভূবনানন্দ পাটনায়কে কয় যে এয়া ৰূপহীৰ বাবে সৌভাগ্যৰ কথা৷ বিধায়ক নুৰুল হুদাৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই পদক্ষেপে শিক্ষিত সকলক সচেতন কৰিব বুলি কৈ বিধায়কৰ শলাগ লয় অধ্যক্ষ গৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close