অসম

বিলাসীপাৰাত ধৰ্ষণকাণ্ডৰ প্ৰতিবাদত জোঁৰ সমদল

প্ৰথম খবৰ, বিলাসীপাৰা: ৰাজ্যজুৰি সংঘটিত ধৰ্ষণকাণ্ডৰ প্ৰতিবাদত মংগলবাৰে সন্ধিয়া ৭.৩০ বজাত বিলাসীপাৰা চহৰৰ মূল পথেৰে জোঁৰ সমদল উলিওৱা হয়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতি, বিলাসীপাৰা আঞ্চলিক আছু, গৰিয়া-মৰিয়া, দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতি, অৰণ্য সুৰক্ষা সমিতিয়ে প্ৰতিবাদী জোঁৰ সমদল উলিযাই৷
আছু নেতা উৎপল কুমাৰ নাথ, অবিনাশ শীল, যুৱ ছাত্ৰ পৰিষদৰ সঞ্জয় শৰ্মা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ শ্বাহ নাৱাজ হুছেইন, ডঃ মুজাম্মিল হক, অৰণ্য সুৰক্ষা সমিতিৰ সচীব প্ৰধান ডঃ হৰিচৰণ দাস, ৰাজবংশী বাৰ্তালোচনী ‘ৰাও’ৰ পৰিচালনা সঞ্চালক ৰঞ্জিত অধিকাৰীৰ আদি নেতাই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে৷
সমদলকাৰীসকলে ধৰ্ষণকাৰীক ফাঁচী দিয়ক, গৃহবিভাগ হায় হায় আদি শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলে গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা আৰু গাফিলতিৰ বাবে ধৰ্ষণৰ দৰে অপৰাধ বৃদ্ধি পাইছে বুলি অভিযোগ কৰে৷

Related Articles

Leave a Reply

Close