অসমশীৰ্ষ

বিহালী ৰঙাগড়ত ধৰ্ষণৰ চেষ্টা কিশোৰীক, বিহালী অ’চিৰ বিৰূদ্ধে গুৰুত্ব নিদিয়াৰ অভিযোগ

প্ৰথম খবৰ,বিহালী: ২ ফেব্ৰুৱাৰী তাৰিখে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়ত সংঘটিত হয় এক ধৰ্ষণ কাণ্ড৷ জানিব পৰামতে বিহালীৰ ৰঙাগড় চাহ বাগিছাৰ ৩ নং লাইনত সন্ধ্যা প্ৰায় ৬•৩০ বজাত সুনীল মাঝি নামৰ এটা পাষণ্ডই কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বাগিছাখনৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক বলপূৰ্বক ধৰ্ষণ কৰাৰ বাবে উদ্যত হয়৷ ঠিক তেনে সময়তে লোকজনৰ কৰ্মকাণ্ড সম্পৰ্কে প্ৰতক্ষ্য কৰি স্থানীয় লোকক অৱগত কৰাৰ লগতে লোকজনক হাতে-পাতে ধৰে৷ স্থানীয় ৰাইজে লোকজনক ধৰি উত্তম-মাধ্যম সোধোৱাৰ লগতে বান্ধি ৰাখে৷ ইফালে, ঘটনাৰ সন্দৰ্ভত তৎকালীন ব্যৱস্থা গ্ৰহণৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশা প্ৰায় ৯ মান বজাত বিহালী আৰক্ষী চকীৰ আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰুৱাক টেলিফোন যোগে অৱগত কৰা হয়৷ অভিযোগ মতে, আৰক্ষী বিষয়া গৰাকীৱে ঘটনাস্থলীলৈ যোৱাৰ আশ্বাস প্ৰদান কৰে৷ কিন্তু, নিশা প্ৰায় ১২ বজালৈকে ঘটনাস্থলীত উপস্থিত নহ’ল আৰক্ষী বিষয়াগৰাকীৰ ওপৰিও কোনো আৰক্ষী লোক৷ যাৰ ফলত ক্ৰমাৎ জটিল পৰিস্থিত উদ্ভৱ হৈ পৰে ঘটনাস্থলীৰ পৰিৱেশ পৰিস্থিতি৷ অৱশেষত, উপায়ন্তৰ হৈ স্থানীয় কেইগৰাকী মান সচেতন যুৱকে ৰাইজৰ সহযোগত নিশা প্ৰায় ১২•৩০ মান বজাত কাষ চাপে বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ৷ সুত্ৰমতে নিশা প্ৰায় ১ মান বজাত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে অপৰাধী সুনীল মাঝিক আটক কৰি বৰগাং আৰক্ষী চকীলৈ আনে৷ যাৰ ফলত, কথমপি ৰক্ষা পৰে অপৰাধী মাঝিৰ ওপৰত সম্ভৱনা থকা জটিল ক্ষোভৰ বহিঃপ্ৰকাশৰ পৰিস্থিতি বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে৷ আনহাতে, আজি পুৱা ধৰ্ষণ কাণ্ডৰ বলি হোৱা কিশোৰী গৰাকীৰ পিতৃ গৰাকীয়ে ঘটনা সন্দৰ্ভত বৰগাং আৰক্ষী চকীত এক লিখিত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে৷ এজাহাৰৰ ভিত্তিত বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, বিহালী আৰক্ষী বিষয়াগৰাকীক ঘটনা সংঘটিত হোৱা প্ৰায় ১ঘন্টা ৩০ মিনিটত ভিতৰত সমস্ত ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতো ঘটনাস্থলীলৈ যোৱা হ’ব বুলি জনাই উপস্থিত নোহোৱাটো এক দূৰ্ভাগ্যজনক বিষয়৷ আৰক্ষী বিষয়াগৰাকীৰ এনে সোপাঢিলা নীতি তথা অৱজ্ঞাজনক কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close