অসম

বিহু বলীয়া দুই দ্ৰৰিদ্ৰ শিল্পীৰ বেদনা  

তেজপুৰৰপৰা অপু্ৰ্ব বৰা, প্ৰথম খবৰ: ৰাজ্যৰ চৌদিশে বহাগৰ প্ৰস্তুতি। ডেকা গাভৰু পৰা আৰাম্ভ কৰি সকলো ব্যস্ত বিহুৰ বাবে। শিল্পী সকলো এতিয়া ব্যস্ত বিহুৰ আখৰাত। তেজপুৰৰ দুই দ্ৰৰিদ্ৰ শিল্পীয়ে এতিয়া ৰাজ পথত গান গায় আগন্তক বিহুত মঞ্চত এটি গান গোৱাৰ আশা কৰিছে। শিল্পী দুগৰাকী হৈছে চিন্তু কোছ আৰু শান্তনু শৰ্মা। চিন্তু কোছ বিকলাংগ হোৱাৰ লগতে দ্ৰৰিদ্ৰ হোৱা বাবে প্ৰচুৰ প্ৰতিভা থকা সত্বেও বিহু গীত গাব নোৱাৰি দুখ প্ৰকাশ কৰি অতি কম মুল্যত গান গাৱলৈ মন কৰে। অন্যজন হৈছে শান্তনু শৰ্মা।

সৰু কালতে পিতৃ-মাতৃ হেৰুৱাই এসাজ খাই এসাজ খাৱ নোপোৱা শান্তনুৱে দিনে ৰাতিয়ে বজাৰ, ৰাজপথত গান গায় যি দুই এটকা পায় সেই টকাৰে জীয়াই থাকে শান্তনুৱে। সকলো ধৰণৰ গান বাদ্যযন্ত্ৰী সংগীতকাৰী নোলোৱাকৈ নিজৰ মুখেৰে বাদ্যযন্ত্ৰ আৰু সংগীত একেলগে পৰিবেশন কৰা শান্তনু শৰ্মাই বিহু মঞ্চত গীত গাবলৈ আশাবাদী বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close