অসমশীৰ্ষ

বোকাখাতত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

প্ৰথম খবৰ, বোকাখাত: বোকাখাতত পিঞ্জৰাবদ্ধ হ’ল দীৰ্ঘদিন ধৰি চাহ বাগিছাত সন্ত্ৰাস সৃষ্টি কৰা এটা নাহৰফুটুকী বাঘ৷ বোকাখাতৰ লখৌজান চাহ বাগিছাৰ উড়িয়াবস্তিত পিঞ্জৰাবদ্ধ হয় বৃহৎ আকাৰৰ নাহৰফুটুকীটো৷

বহুদিন ধৰি বাগিছাখনত সন্ত্ৰাস চলাই আছিল নাহৰফুটুকী বাঘটোৱে৷ উল্লেখ্য যে, বিগত এমাহত বৰচাপৰি আৰু লখৌজান বাগিছাত দুজন লোক বাঘৰ আক্ৰমণৰ বলি হৈছিল। বন বিভাগৰ তৰফৰপৰা লখৌজান বাগিচাত এদিনৰ পূৰ্বে পিঞ্জৰা স্থাপন কৰাৰ পাছত আজি প্ৰকাণ্ড নাহৰফুটুকী বাঘটো পিঞ্জৰাত আবদ্ধ হয়।

Related Articles

Leave a Reply

Close