অসম

বোকাখাতত বাঘৰ আতংক

প্ৰথম খবৰ,বোকাখাত:বোকাখাত নগৰৰ মাজ মাজতে বাঘৰ আতংক ৷ বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ চৌহদত নাহৰফুটুকী বাঘৰ আতংক৷ চৌহদৰ নাৰ্চ মিনামণি বৰাৰ মুৰ্গী গৰালৰ তলত প্ৰত্যক্ষ কৰে নাহৰফুটুকী বাঘটো ৷ বাঘ প্ৰত্যক্ষ পৰাৰ পাছতে বোকাখাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ উপস্থিতিত পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ দল আহি বাঘটো ট্ৰেংকলাইজ কৰি কেন্দ্ৰলৈ লৈ যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান ব্ৰাৰনিং চলি থকাৰ ফলত উদ্যানখনৰ পৰা বাঘ ওলায় অহা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। পুৱাই বাঘ চাবলৈ অহা লোকে চিকিৎসালয় চৌহদত বিৰদি বাট নোপোৱা অৱস্থা সৃষ্টি কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close