অসমনলবাৰী

বৰক্ষেত্ৰীত বিহু কৰ্মশালাৰ আয়োজন

প্ৰথম খবৰ,চেঙা: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কৃতাঞ্জলি গোষ্ঠী, বৰক্ষেত্ৰীৰ সহযোগত এখন বিহু কৰ্মশালাৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে। মুকালমুৱা পূজাৰ খোলাত ১৮ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ঢোলৰ সম্ৰাট খ্যাত সোমনাথ বড়া, বিহুৱা অনিৰুদ্ধ দাস, বিহু সম্ৰাজ্ঞী ড্ৰিমলী গগৈ, বিহুৰাণী হিৰন্ময়ী কলিতা আৰু বৰবিহুৱতী নয়নমণি পেগু। ইচ্ছুক প্ৰশিক্ষাৰ্থীক ৯৮৫৯৫২৬১৩৩ আৰু ৭০০২৮৮৬২৪৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে চিত্তৰঞ্জন তালুকদাৰ আৰু অমল কুমাৰ বৰ্মনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close