অসমবৰপেটা

বৰপেটাৰ খোলাবান্ধাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ: বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খোলাবান্ধা গাঁৱত এক ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনা সংঘটিত হৈ কেইবাজন লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিবপৰা মতে, গাঁওখনৰে জিন্নত আলী আৰু হানিফ আলী মাজত দীৰ্ঘ দিনৰে পৰা দুটা পক্ষৰ মাজত এডোখৰ ভূমিক লৈ চলি আছিল বিবাদ। আজি হানিফ আলীৰ পক্ষই বিবদমান মাটিত কৰা ইৰি ধানৰ খেতিত পানী দিবলৈ যোৱাত জিন্নত আলীৰ পক্ষৰ কেবাজন লোকে হাতে হাতে ডেগাৰ, দা, কুঠাৰ, লাঠি আদি লৈ আক্ৰমণ কৰাত দুয়ো পক্ষৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিট। এই মাৰপিট ঘটনাত হানিফ আলীকে ধৰি তেওঁৰ পক্ষৰ আমিৰ আলী, আমজাদ আলী আদি কৰি কেইবাজনলোক গুৰুতৰভাৱে আহত হয়। আহত সকলক প্ৰথমে স্থানীয় কাছুমাৰা ৰাজ্যিক চিকিৎসালয়ত লৈ যোৱা হয় যদিও চিকিৎসালয় খনত কোনো চিকিৎসক, কৰ্মচাৰী, এম্বুলেন্স সেৱা নথকাত পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়। অৱশেষত পৰিয়ালৰ লোকে উপায়ন্তৰ হৈ বাইক আৰু ভাড়া গাড়ীৰে কামৰূপ গ্ৰাম্য জিলাৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লৈ যায়। সম্প্ৰতি আহত আটাই কেইগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close