সভা-সমিতি

বৰপেটাৰ বৰবিলাত জিলা কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

প্ৰথম খবৰ,চেঙা:বৰপেটা জিলা কিষাণ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি বৰবিলাৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ যায়। বন্তি প্ৰজ্বলন আৰু ভাৰত বন্দনাৰ পাছতে বৰপেটা জিলা কিষাণ মৰ্চাৰ সম্পাদক বসন্ত ঠাকুৰীয়াই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে বৰপেটা জিলা কিষাণ মৰ্চাৰ সভাপতি ৰাতুল পাঠকে। সভাখনত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত ২৮ গৰাকীকৈ আদৰ্শ কৃষকক জিলা কিষাণ মৰ্চাৰ পৰা একোখনকৈ মান পত্ৰ, গামোছা আৰু গছ পুলিৰে কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা কিষাণ মৰ্চাৰ সভাপতি ৰাতুল পাঠকে আদৰণী ভাষণত অভ্যাসগত সকলক উষ্ণ সম্ভাষণ জনোৱাৰ পাছতে নিজৰ ভাষণত ৰাজ্যখনৰ কৃষক সকলৰ বাবে এক বুনিয়াদ গঢ়িবলৈ কিষাণ মৰ্চাই পৰিকল্পনা গ্ৰহণৰ কথা ঘোষণা কৰে কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰাণ কুমাৰ দাসে৷ কৃষক সকলক মাটিৰ গুণগত মানৰ লগতে জৈৱিক পদ্ধতিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিবলৈ সভাপতিজনে আহ্বান জনাই অনাগত দিনত কিষাণ মৰ্চাই হাঁহ-কুকুৰা পালন, গাহৰি পালন, মীন পালন, দুগ্ধ ফাৰ্ম, বিভিন্ন বতৰীয়া শস্য উৎপাদন বিষয়ক প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ’ব বুলি উল্লেখ কৰে৷ ইফালে সভাখনত অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিক বৰাই অংশ গ্ৰহণ কৰি দিয়া ভাষণত ৰাজ্যখনত এক নতুন কৃষি বিপ্লৱৰ সূচনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে৷

উল্লেখ্য যে, সোমবাৰে দাখিল হ’বলগীয়া বাজেটে ৰাজ্যখনৰ কৃষকসকললৈ কি বাৰ্তা কঢ়িয়াই আনিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতিগৰাকীয়ে কেন্দ্ৰীয় বাজেটৰ কথাহে উল্লেখ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও কৃষক সকলক প্ৰাধান্য দিব৷ বানপানীৰ বাবে ক্ষতিগ্ৰস্থ হোৱা কৃষক সকলৰ ক্ষতিপূৰণ দাবীও চৰকাৰৰ ওচৰত ৰাখিব বুলি কৈ আন এক উত্তৰত ৰাজ্যখনত বিধ্বস্ত হৈ থকা মথাউৰি সমূহৰ মেৰামতি চলি থকা বুলিও মন্তব্য কৰে কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰাণ কুমাৰ দাসে। আজিৰ সভাত ৰাজ্যিক কিষাণ মৰ্চাৰ সম্পাদকদ্বয় ক্ৰমে অংকুৰ দত্ত আৰু ৰাজেশ কুমাৰ দাস, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, বৰপেটা জিলা যুৱ মৰ্চাৰ সভাপতি বিশ্বজিৎ বিজু দাস, চেঙা মণ্ডল বিজেপিৰ সভাপতি সঞ্জয় কুমাৰ মজুমদাৰ, গোমাফুলবাৰী বিজেপি মণ্ডলৰ সভাপতি বিশ্বনাথ পাঠককে ধৰি বহুকেইজন নেতাই অংশ গ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close