অসমবিনোদন

বৰহাটত জয়মতী স্মৃতি দিৱস আয়োজন

প্ৰথম খবৰ,বৰহাট:টাই আহোম যুৱ পৰিষদ,অসমৰ ডাঙৰী কুমাৰ আঞ্চলিক সমিতিৰ উদ্যোগত তথা ডাঙৰী কুমাৰ গাঁৱৰ ৰাইজৰ সহযোগত অহা ২৯মাৰ্চত সতী জয়মতী ক্ষেত্ৰ,ডাঙৰী কুমাৰ ৰাজহুৱা খেল পথাৰত জয়মতী স্মৃতি দিৱস
উদযাপন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে বদন দেউঘৰীয়াক সভাপতি,অমূল্য গগৈক কাৰ্যকৰী সভাপতি আৰু অমৰ জ্যোতি গগৈক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়। উক্ত দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন,মৈদাম তৰ্পণ,বানফী,বিয়লি মুকলি সভাৰ লগতে সন্ধিয়া ৬ বজাত ড্ৰামা এণ্ড মাইম একাডেমীৰ সঞ্চালক ৰুস্তম গগৈৰ ৰচনা আৰু পৰিচালনাৰে স্থানীয় শিল্পী সকলৰ দ্বাৰা ‘জয়াৰৰ উচুপনি ‘নাট মঞ্চস্থ কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close