Home / অসম / ভইচ ইণ্ডিয়াত দৰংৰ মানসী

ভইচ ইণ্ডিয়াত দৰংৰ মানসী

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ: মানসীক লৈ দৰং বাসীয়ে আশাৰে বাট চাই আছে। সকলো জনসাধাৰণক ভোট দি মানসীক আৰ্শীবাদ প্ৰদান কৰিবলৈ আহ্বান দৰংবাসীৰ। দৰং গৌৰব কলাইগাওঁ উদমাৰী নিবাসী মানসী চহৰীয়াই THE VOICE INDIA KIDS ৰ GRAND FINALE ত প্ৰবেশ কৰিছে। বহুতো বাধা বিঘিনি আহিলেও নিজৰ প্ৰতিভা আৰু আপোনালোকৰ মৰম চেনেহৰ বাবেই মানসীয়ে আজি চুড়ান্ত প্ৰৰ্যায়ত উপনীত হৈছে। মানসীক শীৰ্ষ স্থানত উপনীত হ’বলৈ সকলোৰে সহায় সহযোগ বিচাৰিছে মানসী আৰু পৰিয়ালবৰ্গই। সফলতাৰ শীৰ্ষলৈ মাথো এখোজ বাকি, ছোৱালীজনীক বিজয়ী সন্মানেৰে দৰং তথা অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ আপোনালোকৰ সহায়ৰ দৰকাৰ। মানসীক ভোট কৰিবৰ বাবে ডায়েল কৰক ০৭০৯৭২৯৭৩১২ আৰু এটা নম্বৰৰ পৰা ১০০ টা পৰ্যন্ত ভোট কৰিব পৰা যায়। অহা শনিবাৰলৈ ভোটিং চলি থাকিব গতিকে নিজৰ ঘৰৰ পৰিয়ালৰ লগতে বন্ধু বান্ধবী সকলোকে ভোট কৰিবলৈ অনুৰোধ জনালো। মেচেজেৰে ভোট দিবলৈ MAN লিখি ৫৭৫৭৫ লৈ ১০০ টা মেচেজেৰে ভোট দিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*