Home / অসম / ভখুৰাদিয়াত ঘোঁৰা দৌৰ প্ৰতিযোগিতা সম্পন্ন 

ভখুৰাদিয়াত ঘোঁৰা দৌৰ প্ৰতিযোগিতা সম্পন্ন 

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ: দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত  নগৰবেৰাৰ ভখুৰাদিয়াত আজি পৰম্পৰাগত ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ঘোৰা দৌৰ প্ৰতিযোগিতা হেজাৰ হেজাৰ লোকে আনন্দ উপভোগ কৰে। প্ৰতিবছৰৰ দৰে এই বেলিও স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্টিত হয়  ঘোৰা দৌৰ প্ৰতিযোগিতা। ৰাইজৰ ব্যাপক হৰ্ষ উল্লাহৰ মাজত অনুষ্টিত হয়  প্ৰতিযোগিতাখন। বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা বিভন্ন ৰঙৰ প্ৰায় অৰ্ধ শতাধিক ঘোৰাই এই দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ৰাইজক মনোৰঞ্জনৰ খোৰাক দিবলৈ সক্ষম হয়। শান্তি সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ কামনাৰে অনুষ্টিত লুপ্তপ্ৰায় ঘোৰা দৌৰ প্ৰতিযোগিতাখনক ৰাইজৰ মাজত জীয়াই ৰাখিবলৈ উদ্যোগতা সকলে কামনা  কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*