Home / অসম / ভখুৰাদিয়াত নিচা জাতীয় দ্ৰব্য খুৱাই লুটিলে ধন 

ভখুৰাদিয়াত নিচা জাতীয় দ্ৰব্য খুৱাই লুটিলে ধন 

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ: কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত  ভখূৰাদিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বৃদ্ধাক নিচাজাতীয় দ্ৰব্য খুৱাই দূবৃত্তই  নগদ ধন আ-অলংকাৰ লুটি নিয়া ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে,নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়া গাঁৱৰ লোকমান আলীৰ পত্নী সূৰ্য ভানুক কালি সন্ধিয়াৰ  সময়ত ঘৰত কোনো লোক  নথকাৰ সুযোগ লৈ দূবৃত্তই নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি অচেতন কৰে।  তাৰ পিছত দুৰ্বৃত্তই  ঘৰৰ ভিতৰত সোমাই  টেবুলৰ পৰা নগদ বাৰ হাজাৰ টকাৰ লগতে সোণৰ  আ- অলংকাৰ আদি  লুটি লৈ যায়।ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এই বাতৰি যুগুত কৰা লৈকে  অচেতন অৱস্থাতে আছে বৃদ্ধা গৰাকীয়ে। সম্প্ৰতি বৃদ্ধাগৰাকী নগৰবেৰা স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*