শীৰ্ষৰাষ্ট্ৰীয়

মক্কা নে মক্কেশ্বৰ মহাদেৱ মন্দিৰ, হিন্দু মহাসভাৰ কেলেণ্ডাৰক লৈ বিতৰ্ক

নেচনেল ডেস্ক, প্ৰথম খবৰ: দেওবাৰে আলীগড় হিন্দু মহাসভাই মুকলি কৰা নতুন বছৰৰ কেলেণ্ডাৰে দেশজুৰি সুচনা কৰিছে এক নতুন বিতৰ্কৰ। কেলেণ্ডাৰখনত অন্তৰ্ভুক্ত কৰা হৈছে তাজমহলৰ উপৰি মোগলৰ সময়ৰ ৭টা মছজিদৰ ফটো অন্তৰ্ভুক্ত কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই আটাইবোৰকে মন্দিৰ বুলি প্ৰকাশ কৰা হৈছে এই বিতৰ্কিত কেলেণ্ডাৰখনত।

আগ্ৰৰ তাজমহলত তেজো মহালয় মন্দিৰ বুলি প্ৰকাশ কৰা হৈছে এই কেলেণ্ডাৰখনত। ইয়াৰ বিপৰীতে মধ্য প্ৰদেশৰ কমল মৌলা মছজিদক ভোজশালা, কাশীৰ জ্ঞানব্যাপী মছজিদক বিশ্বনাথ মন্দিৰ বুলি অভিহিত কৰা হৈছে। একেদৰে এই কেলেণ্ডাৰখনত কুটুব মিনাৰক বিষ্ণু স্তম্ভ বুলি কোৱা হৈছে। জোনপুৰৰ অটালা মছজিদক অটলা দেৱী মন্দিৰ, অযোধ্যাৰ বাবৰী মছজিদক ৰাম জন্মভূমি বুলি কোৱা হৈছে। সমান্তৰালভাৱে এই হিন্দু মহাসভাৰ এই কেলেণ্ডাৰখনত মক্কাকো সামৰি লৈ অভিহিত কৰা হৈছে মক্কেশ্বৰ মহাদেৱৰ মন্দিৰ হিচাপে।

হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সচিব পূজা শকুন পাণ্ডেই জানিবলৈ সংবাদ মাধ্যমক দিয়ে যে হোম-যজ্ঞৰে আৰম্ভ কৰা হৈছে নতুন বৰ্ষ। পূজাৰ অভিযোগ, মুছলমান আক্ৰমণকাৰীসকলে ভাৰতৰ বিভিন্ন ধৰ্মস্থানত আক্ৰমণ চলাই তাত স্থাপন কৰিছিল মছজিদ। তেওঁ আহ্বান জনায় যে এই ধৰ্মীয় স্থানসমূহ পুনৰ হিন্দু ধৰ্মাৱলম্বীক উভতাই দিব লাগে আৰু কেলেণ্ডাৰত দিয়াৰ দৰেই এইবোৰ স্থানৰ পুনৰ নামকৰণ কৰা হ’ব।

স্বাভাৱিকতেই অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল বোৰ্ডৰ লগতে বিভিন্ন সংগঠনে হিন্দু মহাসভাৰ এই দাবী অস্বীকাৰ কৰি কয় যে এই দাবী ভিত্তিহীন। এনেদৰে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ অভিষন্ধি বুলি মত ব্যক্ত কৰে তেওঁলোকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close