শেহতীয়া
Home / অসম / মঙলদৈৰ বিশিষ্ট নাগৰিক তথা জেষ্ঠ অধিবক্তা আখতাৰ হুছেইনৰ মৃত্যু

মঙলদৈৰ বিশিষ্ট নাগৰিক তথা জেষ্ঠ অধিবক্তা আখতাৰ হুছেইনৰ মৃত্যু

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:মঙ্গলদৈ চহৰৰ ২ নং ৱাৰ্ড নিবাসী বিশিষ্ট নাগৰিক জেষ্ঠ অধিবক্তা, খেলুৱৈ, কৃতি শিক্ষক আখতাৰ হুচেইনৰ আজি দিনৰ ১১.৫৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষনিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনত ছিপাঝাৰৰ তুৰাইত জন্মগ্ৰহণ কৰা হুচেইনে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতেই প্ৰথমতে মেলেৰিয়া বিভাগত চাকৰি কৰাৰ উপৰিও তেওঁ ছিপাঝাৰ বি জে ছোৱালী হাইস্কুল আৰু ভোলাবাৰী এম ই স্কুলত শিক্ষকতাও কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আইনৰ ডিগ্ৰী লৈ তেওঁ ১৯৭৮ চনৰ পৰা মঙ্গলদৈ আদালতত ওকালতিও কৰিছিল। যোৱা কিছুদিন ধৰি তেওঁ মধুমেহ আৰু বৃক্কৰ ৰোগত ভুগি আছিল। তেওঁৰ মৃত্যুত দৰং আছু, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উপদেষ্টা চহিৰ ভূঞা, যুৱনেতা মকছেদ আলি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আদি দল সংগঠনে শোক প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*