অসম

মঙ্গলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰথম খবৰ, মঙলদৈ: মঙ্গলদৈত আজি অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা প্ৰতিবাদত বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক আৰু বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰংজিলা সমিতিয়ে। অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে স্বীকৃতি পোৱাৰ পিছতো অসমীয়া ভাষা ব্যৱহাৰত অনিহা প্ৰকাশ কৰি বঙালী ভাষাৰ প্ৰচাৰত ব্যস্ত দৰং জিলা প্ৰশাসন আৰু মঙলদৈ পৌৰসভাৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

স্বচ্ছ ভাৰত অভিযানৰ অধীনত দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ব্যৱহাৰ কৰা ডাচবিনৰ ফলকত বঙালী ভাষা ব্যৱহাৰ কৰি অসমীয়া ভাষা বিৰোধী ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ অসমীয়া ভাষা সাহিত্যৰ বিৰোধী লোক। অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষা ব্যৱহাৰ কৰা কাৰ্য্যত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বিক্ষোভ প্ৰদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি-সম্পাদক সদস্য সকলৰ লগতে উপদেষ্টা হিমাদ্ৰী কুমাৰ শৰ্মা আৰু ভবেশ কাকতীয়ে অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close