অসম

মহানগৰীত গ্ৰাম্য স্বাস্থ্যকৰ্মীসকলৰ বিশেষ সভা

নিউজ ডেস্ক,প্ৰথম খবৰ: আজি গুৱাহাটী চান্দমাৰিস্থিত বিৰিঞ্চি কুমাৰ বৰুৱা ভৱন (অসম একাডেমী)ত ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যকৰ্মী সকলৰ এক ৰাজ্যিক সভাৰ আয়োজন কৰা হয়। অসমৰ ১৪৪ খন পিএইচই ভিতৰত ১২৫ খন পিএইচই’ৰ গ্ৰাম্য স্বাস্থ্যকৰ্মী সকল উপস্থিত থকা এই সভাখনত সকলোবোৰ পিএইচই’ৰ নথিপত্ৰসমূহ জমা কৰা হয়। এই সকলোবোৰ পিএইচই’ৰ নথিপত্ৰ সমূহ ৰাজ্যিক সমিতিয়ে চলিত বৰ্ষৰ বিধানসভা সত্ৰত উত্থাপন কৰিবলৈ অসম চৰকাৰ স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰিব। ৰাজ্যত ১৮,৬৮৯ গৰাকী গ্ৰাম্য স্বাস্থ্যকৰ্মী আছে যদিও কিছুমান ভুৱা গ্রাম্য স্বাস্থ্যকৰ্মীও অন্তৰ্ভুক্ত হৈ থকাৰ বাবে সভাখনত এই ভুৱা গ্ৰাম্য স্বাস্থ্যকৰ্মী সকলক চিনাক্ত কাৰণ কৰিব লাগে বুলি উত্থাপন কৰা হয়।

১৯৭৭ চনৰ ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা কেন্দ্ৰ চৰকাৰে গ্রাম্য স্বাস্থ্যকৰ্মী আঁচনিখনৰ শুভাৰম্ভ কৰিছিল যদিও দেশৰ অন্যান্য ৰাজ্য সমূহত এই আঁচনি বাহাল থকাৰ বিপৰীতে অসমত ১৯৮৬ চনত সেই সময়ৰ অসম চৰকাৰে অসমত এই আচঁনিখন বন্ধ কৰি দিয়াত ১৮,৬৮৯ গৰাকী গ্রাম্য স্বাস্থ্যকৰ্মী কৰ্মহীন হৈ পৰাত এই গ্রাম্য স্বাস্থ্যকৰ্মী সকলৰ দৰমহাও বন্ধ হৈ পৰে যাৰ ফলত এওঁলোক আৰ্থিকভাৱে জুৰুলা হৈ পৰে। বিভিন্ন সময়ত এই গ্রাম্য স্বাস্থ্যকৰ্মী সকলৰ প্ৰচেষ্টাত চৰকাৰে ২০১৩ চনত এই আঁচনিৰ লগত জড়িত মহিলা কৰ্মী সকলক পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰে যদিও সেই সময়ত পুৰুষ কৰ্মী সকলক এই পাঁচ হাজাৰ টকা প্ৰদান কৰা নহয়। আজিৰ এই সভাখনত গ্রাম্য স্বাস্থ্যকর্মী সন্থাৰ সভানেত্ৰী চম্পা চাংমাই আৰু সম্পাদক প্ৰধান বাবু দাসৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুহেজাৰ গ্ৰাম্য স্বাস্থ্যকৰ্মী উপস্থিত থাকি চৰকাৰক অনুৰোধ জনায় যে পুনৰ ৰাজ্যত এই আঁচনি আৰম্ভ কৰিব লাগে। এই আচঁনিখন বন্ধ হৈ যোৱাৰ ফলত ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ লোক সকলক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হৈ আহিছে। ৰাজ্য চৰকাৰে এই আঁচনিখন পুনৰ আৰম্ভ কৰিলে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ ৰাইজ উপকৃত হ’ব বুলি সন্থাৰ সভানেত্ৰী চম্পা চাংমাই আৰু সম্পাদক প্ৰধান বাবু দাসে মন্তব্য প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close