অসমনলবাৰী

মহিলা বিশ্ববিদ্যালয় প্ৰসংগ, নলবাৰী কলেজত অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, নলবাৰী: অসম মহিলা বিশ্ববিদ্যালয়ক পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ দাবীত আজি নলবাৰী মহাবিদ্যালয় ছাত্র একতা সভা আৰু মহাবিদ্যালয় ‘আছু’ গোটে মহাবিদ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বহু সংখ্যক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ধৰ্মঘটকাৰীসকলে অসম মহিলা বিশ্ববিদ্যালয় ৰক্ষা হ’বই লাগিব, অসম চৰকাৰ হায় হায়, মহিলা বিশ্ববিদ্যালয়ক লৈ হেতালি খেলা বন্ধ কৰক, শিক্ষামন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰে।

উক্ত কাৰ্যসূচীৰ আঁত ধৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মানস জৌতি তালুকদাৰে।

Related Articles

Leave a Reply

Close