মহিলাযুৱশীৰ্ষস্বাস্থ্য

মাইগ্ৰেইনৰ সমস্যা! কি কৰিব?

নিউজ ডেস্ক, প্ৰথম খবৰ: যাৰ মাইগ্ৰেইনৰ সমস্যা আছে তেওঁহে বুজি পায় ই কিমান যন্ত্ৰণাদায়ক। আপুনিও মাইগ্ৰেইনৰ চিকাৰ নেকি? যদি হয়, তেন্তে কেইটামান কথাত মন দিবচোন।

চিজ, ৰেড ৱাইন, বা কোনো প্ৰতিকূল বতৰৰ বাবে অথবা ডিহাইড্ৰেচনৰ বাবে মাইগ্ৰেইন হ’ব পাৰে। মানুহ ভেদে মাইগ্ৰেইনৰ কাৰকো বেলেগ। গতিকে আপোনাৰ কাৰকটো বাচি উলিয়াবলৈ চেষ্টা কৰক। যদি সহজতে কাৰণ বিচাৰি উলিয়াবলৈ অসুবিধা হৈছে, তেন্তে ডায়েৰীত কোন দিনা আপুনি সমস্যাত ভুগিছে আৰু সেই দিনটোৰ পৰিৱেশ কেনেকুৱা আছিল। 

ভাল টোপনিয়ে মাইগ্ৰেইনৰ সমস্যাত কিছু সঁকাহ দিব পাৰে। সমান্তৰালভাৱে আহাৰ গ্ৰহণ, হাইড্ৰেচন বা শাৰীৰিক অনুশীলনেও মাইগ্ৰেইনৰ সমস্যা আঁতৰাই ৰখাত সহায় কৰে। সেই বাবেই প্ৰতিদিনেই পুষ্টিকৰ আহাৰ খাওক। যিসকলে কাৰ্যালয়লৈ যায়, তেওঁলোকেও পুষ্টিকৰ খাদ্য লৈ যাওক। সঠিক মাত্ৰাত পানীও গ্ৰহণ কৰক।

শৰীৰত মেগনেছিয়ামৰ অভাৱ হ’লে মাইগ্ৰেইনৰ যন্ত্ৰণা অধিক তীব্ৰতৰ হয়। ইয়াৰ বাবেও আপোনাৰ ওচৰত উপায় আছে। কাজু, আমণ্ড, বাদাম, গাখীৰ, কণী, পিনাট বাটাৰৰ দৰে খাদ্যই এনে সমস্যা কিছু পৰিমাণে নিৰসন কৰিব।

মাইগ্ৰেইন হ’লে কফী একেবাৰেই নাখাব। বেছি কফি খোৱাৰ অভ্যাসে মাইগ্ৰেইনৰ বিষ বৃদ্ধি কৰে।

আনহাতে এই ক্ষেত্ৰত আঙুৰেও কাম দিয়ে। মাইগ্ৰেইন হ’লে আঙুৰৰ ৰস খাওক। কেন গ্ৰেপ জুছ নাখাব, ঘৰলৈ সতেজ আঙুৰ আনি কৰা ব্লেণ্ড আপোনাৰ বাবে ভাল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close