অসমগুৱাহাটী

মাজুলীত আছুৰ উত্তাল প্ৰতিবাদ ব্ৰহ্মপুত্ৰৰ ব’ৰ্ডৰ কাৰ্যালয় ঘেৰাও

প্ৰথম খবৰ,উজনি মাজুলী:মাজুলীৰ সুৰক্ষাত ব্যৰ্থতাৰ অভিযোগত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কাৰ্যালয় ঘেৰাও কৰে মাজুলী মহকুমা আছুৱে। ‘ব্ৰহ্মপুত্ৰ বৰ্ড গ’ বেক’ ধ্বনিৰে উত্তাল পৰিৱেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিধান সভা সমষ্টি৷ মাজুলী সুৰক্ষাৰ বাবে ১৬০ কোটি টকা চৰকাৰে মোকলাই দিয়াৰ পিছতো আঁচনিৰ কাম যোৱা চাৰি মাহে আৰম্ভ নকৰাত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে মাজুলী মহকুমা ছাত্ৰ সন্থাই৷ ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ মাজুলীৰ কমলাবাৰীৰ কাৰ্যালয়ত পুৱাৰে পৰা শ-শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ বৰ্ড হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ব্ৰক্ষ্মপুত্ৰ ব’ৰ্ড গ’ বেক, অসম চৰকাৰ মুৰ্দাবাদ, ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে জাতীয় সংগঠনটোৱে।

Related Articles

Leave a Reply

Close