অসম

মাৰ্ঘেৰিটাৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত অনিয়ম স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

 প্ৰথম খবৰ,মাৰ্ঘেৰিটাঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ প্ৰতিকৃতি দাহেৰে উত্তাল কৰে মাৰ্ঘেৰিটাৰ তিনি আলি স্থিত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ।

মাৰ্ঘেৰিটা মহকুমাৰ চৰকাৰী চিকিৎসালয় সমূহত হোৱা অনিয়ম বন্ধ কৰা আৰু পৰ্যাপ্ত ঔষধ যোগান ধৰা আৰু অৱৈজ্ঞানিক পৰীক্ষাগাৰ সমূহ বন্ধ কৰা দাবীত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close