অসম

মুকালমুৱাত বহি: ৰাজ্যৰ গামোচাৰ বিৰুদ্ধে অভিযান:ব্যৱসায়ীক কঠোৰ সকিয়নি

প্ৰথম খবৰ,মুকালমুৱা:সমাগত অসমীয়া জাতিৰ বাপোতি সাহোন ৰঙালী বিহু৷ ইতিমধ্যে ৰাজ্যৰ বজাৰ সমূহলৈ আমদানি হৈছে বহি: ৰাজ্যৰ গামোচা। সমান্তৰালকৈ বহি:ৰাজ্যৰ গামোচাৰ বিৰুদ্ধে তৎপৰ হোৱা দেখা গৈছে ৰাজ্য চৰকাৰ৷ আজি দিনৰ ভাগত হঠাতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাত নলবাৰী জিলা প্ৰশাসন আৰু হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে যুটীয়াভাৱে অভিযান চলায় বহি: ৰাজ্যৰ গামোচাৰ বিৰুদ্ধে৷ মুকালমুৱাৰ দৈনিক বজাৰত থকা কেইবাখনো কাপোৰৰ দোকানত নলবাৰী জিলা প্ৰশাসন আৰু হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ এটা দলে বহি: ৰাজ্যৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাই ব্যৱসায়ী সকলক কঠোৰ সকয়নি প্ৰদান কৰে৷ ব্যৱসায়ী সকলক বহি: ৰাজ্যৰ গামোচা বিক্ৰী বন্ধ কৰিবলৈ সকিয়নি প্ৰদান কৰাৰ লগতে ভৱিষ্যতে এনে কৰ্মৰ পৰা আতৰি নাথাকিলে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close