অসমনলবাৰী

মেধাৱী ছাত্ৰ অৰূপ বৈশ্যৰ বিয়োগ

নিউজ ডেস্ক, প্ৰথম খবৰঃ অসমৰ লগতে ভাৰতৰ প্ৰতিভাৱান যুৱক অৰূপ বৈশ্যৰ অকাল বিয়োগ ঘটে। নলবাৰীৰ জাগাৰাৰ মেধাৱী যুৱকজনে গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱটি লয়।

উল্লেখযোগ্য যে, বিগত কিছুদিনপৰা মগজুৰ ৰোগত আক্ৰান্ত হৈ আছিল যুৱকজন। দুবাৰকৈ মগজুৰ অস্ত্ৰোপচাৰ হোৱাৰ পিছত পুনৰ অসুস্থতাত ভুগি মৃত্যুক আকোৱাঁলি ল’লে অৰূপে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৩ বছৰ।

প্ৰতিভাৱান অৰূপে ২০০০ চনত নলবাৰীৰ বৰতলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা ৮৯% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হয়। ৯৩.৯৮% শতাংশ নম্বৰ লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা। পৰৱৰ্তী সময়ত শ্বিলঙৰ পৰা বিজ্ঞানৰ ডিগ্ৰী লৈ ২০০৮ চনত আমেৰিকাৰ অৰ্থ সাহাৰ্য্যত Rutgers The State University of New Jerseyৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেই সময়তে ইউৰোপিয়ান কমিছনৰ পৰা ৩০ লাখ টকাৰ শিক্ষা বৃত্তি লাভ কৰি তেওঁ স্পেইন, ইটালী, ফ্ৰান্স, আমেৰিকা, জাপান, নেডাৰলেণ্ড আদি বিভিন্ন দেশত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছিল। আনহাতে পেৰিছত ইণ্ডাষ্ট্ৰিয়েল মেনেজমেন্ট বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিছিল যদিও অৰ্থৰ অভাৱত যাব নোৱাৰিলে। সেই সময়ত অসম চৰকাৰৰ পৰাও সুবিধা লাভ নকৰিলে অৰূপে। তথাপি ইউৰোপিয়ান কমিচনৰ বৃত্তিৰে টেকনিকেল ইউনিভাৰ্ছিটি অব মিলান, ৰয়েল ইনষ্টিটিউট অৱ টেকন’লজি, ষ্টকহ’ম আৰু টেকনিকেল ইউনিভাৰ্ছিটি চিটি অব মাদ্ৰিদ এই তিনিখন বিশ্ব বিদ্যালয়ৰ যুটীয়া পাঠ্যক্ৰম International Master of Industrial Management ডিগ্ৰী লাভ কৰে। শেহতীয়াভাৱে অৰূপে ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত গৱেষণাৰত অৱস্থাত অসুস্থতাত ভুগি ঘৰলৈ উভতি আহে। আৰু অৱশেষত মৃত্যুৰ লগত যুঁজ কৰি হাৰ মানিলে।

মেধাৱী যুৱক অৰূপ বৈশ্যৰ মৃত্যুত পৰিয়ালবৰ্গ, বন্ধু-বান্ধৱী তথা শুভাকাংক্ষীসকল শোকত ভাগি পৰিছে।

Related Articles

Leave a Reply

Close