অসম

মৈৰাবাৰী আৰক্ষীৰ সাফল্য, লখিমপুৰত গ্ৰেপ্তাৰ কৰিলে পলাতক হত্যাকাৰীক

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম,প্ৰথম খবৰ:
অৱশেষত মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল বৰথল দলৈগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত। যোৱা ১৯ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়াৰ ভাগত মৈৰাবাৰী থানাৰ অধীনস্থ বৰথল দলৈগাঁওত আৰজু নামৰ এজন যুৱ ব্যাৱসায়ীৰ হত্যাকাণ্ডৰ অভিযুক্ত জাহিৰ আব্বাছ মল্লিক ওৰফে ৰাব্বুলক পলায়ন কৰি থকাৰ পিছত আজি মৈৰাবাৰী আৰক্ষীয়ে অপৰাধীজনক লখিমপুৰৰ লালুক থানাৰ এলেকাধীন এক দুৰ্গম অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।যুৱ ব্যাৱসায়ীজনক হত্যাকৰাৰ দিনাখনেই বাবুল আলী আৰু কাজিমুদ্দিন নামৰ দুজন অপৰাধীক ঘটনাৰ লগত জড়িত থকাৰ বাবে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন কলিতাই গ্ৰেপ্তাৰ কৰিছিল যদিও ইমানদিনে মুল অপৰাধীজনক আটক কৰিবলৈ সক্ষম নোহোৱাত এটা ন্যস্ত স্বাৰ্থ জড়িত মহলে সন্দেহৰ আঙুলি টোৱাইছিল থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ভুপেন কলিতালৈ। আনকি যোৱাকালিও মৃত ব্যাৱসায়ীজনৰ পৰিয়ালবৰ্গক প্ৰৰোচনামূলকভাৱে থানাখনৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসুচীতো বহুৱাইছিল। কিন্তু আজি আৰক্ষী বিষয়া ভূপেন কলিতাই পলাতক অপৰাধীজনক কৰায়ত্ত কৰি নিজৰ দক্ষতাৰ পৰিচয় দিয়াত অঞ্চলটোৰ একাধিক দল সংগঠনে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দোষী অপৰাধীসকলৰ দৃষ্টান্তমুলক শাস্তিৰ দাবী জনাইছে। আনকি মৈৰাবাৰীৰ সমূহ জনসাধাৰনে আৰক্ষী বিষয়াগৰাকীৰ এনে কাৰ্যক প্ৰসংশা কৰিছে।

Related Articles

Leave a Reply

Close