নিবন্ধশীৰ্ষ

কোন দিশে শিক্ষা, সুবিধাজনক স্থিতিত নেকি চৰকাৰ

জেচমিন চুলতানা:

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১(এ) অনুসৰি, শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ওপৰি নিৰ্দেশাত্মক নীতি অৰ্থাৎ অনুচ্ছেদ ৪৫ত কোৱা হৈছে, সংবিধান বলবৎ কৰাৰ ১০ বছৰৰ ভিতৰত ১৪ বছৰৰ তলৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষিত কৰাৰ কাৰণে বিভিন্ন আইন আৰু নীতিৰ কেৱল প্ৰচাৰ কৰা হ’ল। আনকি স্বাধীনতাৰ ৬০ বছৰৰ পিছতো শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰয়োজন হ’ল আৰু এখন আইন, শিক্ষাৰ অধিকাৰ আইন ২০০৯। কিন্তু শিক্ষাৰ অধিকাৰ আইনখন কেৱল কিতাপৰ পাততে থাকিল।

আজি শিক্ষাৰ ব্যক্তিগতকৰণৰ ধুমুহাই দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি কৰিছে। কেৱল শিক্ষাৰ ব্যক্তি কৰণেই নহয় চৰকাৰী শিক্ষা খণ্ডৰ প্ৰতি থকা চৰকাৰৰ ঋণাত্মক শিক্ষা নীতিয়ে বাৰুকৈ প্ৰভাৱিত কৰিছে।

চৰকাৰ তথা শিক্ষা মন্ত্ৰীৰ ঋণাত্মক নীতিৰ অৰ্থ এইটোৱে যে, তেওঁলোকে জানে “শিক্ষাৰ দ্বাৰা সমাজৰ অন্ধকাৰ (দুৰ্নীতি, অত্যাচাৰ, কু-সংস্কাৰ, ধৰ্ষণ) আঁতৰ কৰি সমাজক উজ্জ্বল কৰি তুলিব পৰাটো সম্ভৱ” আৰু সেয়া সম্ভৱ হ’লে শিক্ষা মন্ত্ৰী তথা জাতীয় নায়কৰ ৰাজনৈতিক মুনাফাৰ বিলুপ্তি হ’ব। যাৰ বাবে পৰিকল্পিতভাৱে, প্ৰাথমিক শিক্ষা খণ্ডত পাঠ্যপুথিৰ যোগান ধৰাত অৱহেলা কৰা হৈছে, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ পৰা বিৰত আছে, উচ্চ শিক্ষাৰ মাচুল ২০,০০০-৬০,০০০ পৰ্যন্ত ধার্য কৰি থৈছে। ইয়াৰ ফলত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে। যাৰ বাবে সমাজখনত শিক্ষাৰ হাৰ স্থবিৰ হৈ পৰিছে আৰু চৰকাৰে নিজৰ স্বাৰ্থ পূৰণ কৰি আছে।

মই নিজে আইনৰ এগৰাকী ছাত্ৰী। আৰু মই দিবলগীয়া হৈছে ২০ হাজাৰ টকা বাৰ্ষিক নামভৰ্তিৰ মাছুল। অতিৰিক্ত পৰীক্ষা মাছুল আৰু অন্যান্য মাছুলসহ মুঠ প্ৰায় ৩০ হাজাৰ টকা মহাবিদ্যালয় কৰ্তৃপক্ষক দিব লগা হৈছে। যাৰ বাবে মই টিউচন কৰিব লগা হৈছে। ৰাতিপুৱা, আবেলি আৰু গধূলি। সন্ধিয়া টিউচন পঢ়াই আহোঁতে ভয় লাগে। কিন্তু উপায় নাই। কাৰণ আমাৰ চৰকাৰ নমামী ব্ৰহ্মপুত্ৰৰ নামত কোটি কোটি টকা খৰচ কৰিব পাৰে, বেটি বাঁচাও শ্লোগান আওৰাব পাৰে কিন্তু বেটিৰ শিক্ষা বিনামূলীয়া কৰিব নোৱাৰে। বৰং মোটা অংকৰ ধন আদায় লয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close