শেহতীয়া
Home / সভা-সমিতি / মৰিগাঁৱৰ নৈ কাষৰীয়া অঞ্চল বৰচাপৰিত নাৰীজনীত অপৰাধমূলক ঘটনাসমূহৰ সন্দৰ্ভত সজাগতা সভা

মৰিগাঁৱৰ নৈ কাষৰীয়া অঞ্চল বৰচাপৰিত নাৰীজনীত অপৰাধমূলক ঘটনাসমূহৰ সন্দৰ্ভত সজাগতা সভা

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ: অসমৰ ভিন্ন প্ৰান্তত দৈনিক সংগঠিত হৈ অহা নাৰীজনিত অপৰাধমূলক ঘটনাসমূহ ৰোধ কৰাৰ বাবে এখনি সজাগতা সভা আজি মৰিগাঁও জিলাৰ নৈ কাষৰীয়া অঞ্চল বৰচাপৰি মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈ যায়।

ভেলৌগুৰী আৰক্ষী থানাৰ উদ্যোগত আয়োজিত সজাগতা সভাখনত সভাপতিত্ব কৰে মৰিগাও জিলাৰ উপ আৰক্ষী অধীক্ষক(প্ৰবেচনাৰী) প্ৰতাপ দাসে। প্ৰায় ২ শতাধিক লোক উপস্থিত থকা সজাগতা সভাখনত ভেলৌগুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৰ লগতে গাঁওৰক্ষী বাহিনীৰ কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকি ৰাইজসকলক নাৰীজনীত অপৰাধসমূহ ৰোধ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিবলৈ অাহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*