অসম

লংকাৰ সুভাষনগৰত এগৰাকী বৃদ্ধা সন্ধানহীন

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰঃ লংকা আৰক্ষী থানাৰ অন্তৰ্গত সুভাষনগৰৰ ৫নং ৱাৰ্ডৰপৰা এগৰাকী ৯০ বছৰীয়া বৃদ্ধা মহিলা যোৱা ৫ দিন ধৰি সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিবপৰা মতে, লংকা সুভাষনগৰৰ নিবাসী অৰুণ তালুকদাৰৰ বৃদ্ধা মাতৃ বিজয়লক্ষ্মী তালুকদাৰ যোৱা ৮ মাৰ্চত নিজা বাসগৃহৰ পৰাই সন্ধানহীন হৈ পৰে। বৃদ্ধাগৰাকী ঘৰৰ পৰাই নিখোজ হৈ পৰাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো সম্ভেদ লাভ কৰিব নোৱাৰি অৱশেষত লংকা আৰক্ষী থানাত নিৰুদ্দেশ সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰে। কোনো সদাশয় লোকে বৃদ্ধাগৰাকীৰ সম্ভেদ লাভ কৰিলে নিকটবৰ্তী আৰক্ষী থানাত অথবা ৯৪০১২৭২৫০৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে বৃদ্ধাগৰাকীৰ আত্মীয়ই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close