Home / অসম / লাকুৱা আদৰ্শ চিকিৎসালয়ত পূৰ্ণাংগ চিকিৎসা সেৱা প্ৰদানৰ দাবীত স্মাৰক প্ৰত্ৰ

লাকুৱা আদৰ্শ চিকিৎসালয়ত পূৰ্ণাংগ চিকিৎসা সেৱা প্ৰদানৰ দাবীত স্মাৰক প্ৰত্ৰ

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰঃ ঐতিহাসিক চৰাইদেও জিলাৰ মাহমৰা বিধান সভা সমষ্টিৰ লাকুৱাস্থিত আদৰ্শ চিকিৎসালয়খনি আজিলৈকে পূৰ্ণাংগ নোহোৱাত জীয়াটো ভুগিছে ৰাইজে।

জানিবপৰা মতে, তিনিজন চিকিৎসক আৰু নাম মাত্ৰ চিকিৎসাকৰ্মী দ্বাৰা এই আদৰ্শ চিকিৎসালয়খনৰ কাম কাজ অব্যাহত ৰাখিছে কৰ্তৃপক্ষই। সময়ে সময়ে বিভিন্ন দল সংগঠনে চিকিসালয়খনত চিকিৎসক নিযুক্তিকে আদি কৰি চিকিৎসালয়খনৰ বিভিন্ন সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কে কোনো গুৰুত্ব প্ৰদান কৰা নাই। এইক্ষেত্ৰত পুনৰ কনকলতা প্ৰগতিশীল মহিলা সমিতি, টাই আহোম মহিলা পৰিষদ, জাতীয় মহিলা পৰিষদ, টাই আহোম যুৱ পৰিষদ আৰু কৃশান মৰ্চ্চাৰ প্ৰতিনিধিয়ে চৰাইদেও জিলা উপায়ুক্ত বিবেকানন্দ ফুকনক সাক্ষাৎ কৰি আদর্শ চিকিৎসালয়খনিত ২৪ ঘণ্টাই চিকিৎসা সেৱা, চিকিৎসক নিযুক্তি, উপযুক্ত আন্তঃগাঁঠনি আদি ধৰি কেইবাটাও সমস্যা সমাধানৰ বাবে কনকলতা প্ৰগতিশীল মহিলা সমিতিৰ সভানেত্ৰী ৰঞ্জু ৰাজকোঁৱৰী সম্পাদিকা শিল্পী ৰাজকোঁৱৰী  সাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনিত উক্ত সমস্যা সমূহক অহা এক মাহৰ ভিতৰত সমাধানৰ বাবে দাবী জনাইছে সংগঠন সমূহৰ নেতৃত্বই, অন্যথা অহা এমাহৰ পাছত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী ল’ব বুলি সকীয়াই দিছে কৰ্মকৰ্তাই।

উল্লেখযোগ্য যে, স্মাৰক পত্ৰ প্ৰদানৰ সময়ত টাইপা হৈ মুখপাত্ৰ মোহন দিহিঙীয়া, চৰাইদেও জিলা সম্পাদক উদীপ্ত গগৈ, টাই আহোম মহিলা পৰিষদৰ হৈ শিল্পী ৰাজকোঁৱৰী, জাতীয় মহিলা পৰিষদৰ হৈ কৰৱী ৰাজকোঁৱৰী, ৰেখা ৰাজকোঁৱৰী, লাকোৱাৰ সমাজকর্মী দিপালি গগৈ ৰাজকোঁৱৰকে প্ৰমূখ্য কৰি কেইবাটাও সংগঠনৰ  বিষয়-ববীয়া উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*