অসম

লামডিঙত পালছাৰ বাইক চোৰ আটক

প্ৰথম খবৰ,লামডিং:মঙ্গলবাৰে লংকাৰ বামনিগাওঁৰ পৰা লামডিং আৰু উদালি আৰক্ষীয়ে ৰাইজৰ সহযোগত লামডিঙৰ চুৰি হোৱা পালছাৰ বাইক সহ আব্দুল আলী নামৰ এজন বাইক চোৰক আটক কৰে। সোমবাৰে নিশা লামডিঙৰ মিস্ত্ৰীপট্টিৰ বিজয় চক্ৰৱৰ্তীৰ ঘৰৰপৰা এছ ০৯ এ ২৯০৬ নম্বৰৰ পালছাৰ বাইকখন চুৰি কৰিছিল৷ বাইকৰ পম খেদি লামডিঙৰ যুৱক কেইজনে আৰক্ষীৰ সহযোগত আজি লংকাৰ বামনিগাওঁৰপৰা আটক কৰে চোৰটোক। আটকাধীন চোৰটো ১নং কাকীৰ আব্দুল আলী বুলি জানিব পৰা গৈছে। বৰ্তমান বাইক চোৰ চক্ৰৰ লগত আৰু কোন কোন জড়িত আছে এই বিষয়ে লামডিং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close