অসম

লিডুত তৃতীয় বাৰ্ষিক জয়মতী স্মৃতি দিৱস উদযাপনৰ প্ৰস্ততি

প্ৰথম খবৰ,লিডু: বিগত বৰ্ষৰ দৰে এইবছৰো লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত সতী জয়মতীৰ স্মৃতি দিৱস টি ২৮ মাৰ্চত স্থানীয় কেন্দ্ৰীয় ৰঙ্গমঞ্চত উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে।ইতিমধ্যে স্থানীয় শংকৰদেৱ বিদ্যা পীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখনি ৰাজহুৱা সভাত ডঃ দিপালী বৰপুজাৰীক সভানেত্ৰী, সুখদেৱ শৰ্মাক কাৰ্যকৰী সভাপতি পূৰ্ণিমা ভড়ালী, অমলা চৌধুৰী, গীতা দেৱী নেওগক উপ-সভাপতি কৰৱী গগৈক সাধাৰণ সম্পাদিকা, মামণি সৰকাৰ আৰু অনিলা ফুকনক যুটীয়া সম্পাদিকা হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাৰ পৰা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতে মহিলা সকলৰ মাজত ৰছী টনা টনি, মিউজিকেল চেয়াৰ, পুস্প সজ্জা, চালাদ সজ্জা জ্যোতি সংগীত, চিত্রাংকন, ৰচনা আদি বিভিন্ন প্ৰতিযোগিতাৰ লগতে শিশু সকলৰ মাজত কণ্যা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া মুকলি সভা আৰু সম্বর্ধনা অনুষ্ঠানৰ পাছতে জেৰেঙাৰ সতী শীৰ্ষক নাটখনি স্থানীয় শিশু শিল্পী সকলে মঞ্চস্থ কৰিব। উদযাপন সমিতিয়ে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ প্ৰস্তুতি ৫৩ তম লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি ২৭ আৰু ২৮ এপ্ৰিলত লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত উদযাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে লিডু শংকৰদেৱ বিদ্যা পীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখনি ৰাজহুৱা সভাত লোকনাথ কোঁৱৰক সভাপতি ডম্বৰুধৰ নেওগ সুখদেৱ শৰ্মা কণকণ মুখাৰ্জী চুফাতি পমুং মিলি ডঃ দিপালী বৰপুজাৰীক উপ সভাপতি চিত্ৰ বৰগোহাইক কাৰ্যকৰী সভাপতি ৰাণাজ্যোতি নেওগক মুখ্য সাধাৰণ সম্পাদক উজ্জ্বল চৌধুৰী আৰু ইশ্বৰ জ্যোতি গগৈক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখন নতুন উদযাপন সমিতি গঠন কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close