Home / সভা-সমিতি / লিডুত তৃতীয় বাৰ্ষিক জয়মতী স্মৃতি দিৱস উদযাপনৰ প্ৰস্তুতি

লিডুত তৃতীয় বাৰ্ষিক জয়মতী স্মৃতি দিৱস উদযাপনৰ প্ৰস্তুতি

প্ৰথম খবৰ,লিডুঃ বিগত বৰ্ষৰ দৰে এইবছৰো লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত সতী জয়মতীৰ স্মৃতি দিৱসটি ২৮ মাৰ্চত স্থানীয় কেন্দ্ৰীয় ৰঙ্গমঞ্চত উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে স্থানীয় শংকৰদেৱ বিদ্যা পীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখনি ৰাজহুৱা সভাত ডঃ দিপালী বৰপুজাৰীক সভানেত্ৰী, সুখদেৱ শৰ্মাক কাৰ্যকৰী সভাপতি পূৰ্ণিমা ভড়ালী, অমলা চৌধুৰী, গীতা দেৱী নেওগক উপ-সভাপতি কৰৱী গগৈক সাধাৰণ সম্পাদিকা, মামণি সৰকাৰ আৰু অনিলা ফুকনক যুটীয়া সম্পাদিকা হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাৰ পৰা  পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতে মহিলা সকলৰ মাজত ৰছী টনা টনি, মিউজিকেল চেয়াৰ, পুষ্প সজ্জা, চালাদ সজ্জা জ্যোতি সংগীত, চিত্রাংকন, ৰচনা আদি বিভিন্ন প্ৰতিযোগিতাৰ লগতে শিশু সকলৰ মাজত কন্যা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া মুকলি সভা আৰু সম্বর্ধনা অনুষ্ঠানৰ পাছতে জেৰেঙাৰ সতী শীৰ্ষক নাটখনি স্থানীয় শিশু শিল্পীসকলে  মঞ্চস্থ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*