অসম

লিডু শাখা সাহিত্য সভা ভৱন সংলগ্ন পুথিভঁৰাল নিৰ্মাণৰ বাবে বিশ লক্ষ টকা আৱন্টনৰ প্ৰতিশ্ৰুতি বিধায়কৰ

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: উত্তৰ-পূবৰ সৰ্বপ্ৰথম ক্ষুদ্ৰ উদ্যোগিক চহৰ লিডু। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এই লিডু আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ একমাত্ৰ সৰ্বজনগ্ৰহণযোগ্য সামাজিক অনুষ্ঠান লিডু শাখা সাহিত্য সভা। অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ

১৯৬৭ চনত স্থাপিত এই শাখাটোৰ ভৱনৰ চৌহদত প্ৰায় বিশ লক্ষ টকা বাজেটেৰে এটি ক্ষুদ্ৰ পুথিভঁৰাল সহ এটি আটকধুনীয়া সভাগৃহ নিৰ্মাণ কৰিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আজি লিডু শাখা সাহিত্য সভা ভৱনত উপস্থিত হৈ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই শাখা সভাৰ সভাপতি চন্দ্ৰ গৌতম সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ কোষাধ্যক্ষ সুখদেৱ শৰ্মা শাখাৰ জিলা প্ৰতিনিধি জগত চাংমাই ডঃ কৃপা প্ৰসাদ উপাধ্যায় আদিকে ধৰি ভালে সংখ্যক সাহিত্যনুৰাগীৰ সৈতে এক অন্তৰংগ আলাপত মিলিত হয় আৰু শাখা সাহিত্য সভাখনৰ বিভিন্ন অভাৱ অভিযোগ আৰু সমস্যাৰ বুঁজ লয়। শাখা সাহিত্য সভাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই বিধায়ক শৰ্মাই প্ৰধানমন্ত্ৰী খনিজ খাদান যোঁজনাৰ পুজিৰ পৰা পুথিভঁৰাল সংলগ্ন ভৱন নিৰ্মাণৰ বাবে বিশ লক্ষ টকা আগন্তুক তিনি মাহৰ ভিতৰত আৱন্টন দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। বিধায়ক শৰ্মাই চলিত বৰ্ষতে পুথিভঁৰাল সংলগ্ন সভা গৃহটি উদ্বোধন কৰিব পৰা যাব বুলি কয়। অন্যহাতে বিধায়ক শৰ্মাই চতুৰ্দশ বিত্তীয় পুজিৰ পৰা আৱন্টিত পুঁজিৰে লিডুৰ শামুক জান গাওঁ পন্ঞ্চায়তত ৰূপায়ণ কৰিবলৈ লোৱা কেইবাটাও জনকল্যাণ মূলক আচঁনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। প্ৰতিটো কাৰ্যসূচীতে পঞ্চায়তখনৰ সভাপতি সুখদেৱ শৰ্মা বৰগোলাই জিলা পৰিষদৰ সদস্যা বিনীতা হোড় বিজেপিৰ মাৰ্ঘেৰিটা সদৰ আৰু ব্লক মণ্ডলৰ সভাপতি ক্ৰমে ভাদেশ্বৰ মৰাণ আৰু ভৱেশ দত্ত উপস্থিত থাকে।

Related Articles

Leave a Reply

Close