সভা-সমিতি

লোকে লোকাৰণ্য হাদলাপাৰাস্থ শ্ৰীশ্ৰী জয় মাঁ কালি ও মাঁ মহামায়া পূজা ও মহামেলা মহোৎসৱ

আগিয়াৰপৰাউদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ:গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত শৌলমাৰি বাছ আস্থানৰ পৰা ৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত হাদলাপাৰা শ্ৰীশ্ৰী মাঁ কালি আৰু মাঁ মহামায়া পূজা যোৱা ৮ আৰু ৯ মাৰ্চলৈ ৩২৩তম পূজা মহোৎসৱ উলহ মালোহেৰে অনুষ্ঠিত হয়।

প্ৰাপ্ত খবৰ মতে, প্ৰতি বছৰে ফাগুন মাহত হোলীৰ লগত সংগতি ৰাখি এই পূজা মহোৎসৱ পালন কৰা হয় বুলি পূজা কমিটিৰ সম্পাদক ভদ্ৰেশ্বৰ ৰাভা আৰু সভাপতি মজিদ ৰাভাই জানিবলৈ দিয়ে। আনহাতে লোকে লোকাৰণ্য হৈ পৰা এই পূজাত মাঁৰ আশীৰ্বাদ ল’বলৈ বহু দূৰ দূৰণিৰ পৰা ভক্তৰ আগমন ঘটে বুলি পূজা সমিতিৰ প্ৰাক্তন সম্পাদক নৰকিশোৰ ৰাভাই জানিবলৈ দিয়ে। আনপিনে ৰাভা সম্প্ৰদায়ৰ লোকৰ মাজত অনুষ্ঠিত এই পূজা মহোৎসৱত এতিয়া বিভিন্ন জাতি জনজাতিৰ লোকে ভৰি পৰা দেখা গৈছে। জনজাতীয় লোকসকলৰ মাজত বিপদ বিঘিনি নানান ধৰণৰ বেমাৰৰ পৰা মুক্ত হোৱাৰ লগতে সকলোৰে মাজত সমিল মিল আৰু ধৰ্মীয় বিশ্বাস বঢ়াই তোলাৰ অৰ্থে অনুষ্ঠিত এই পূজাত বিভিন্ন সময়ত বিভিন্নজনে পূজা কৰিবলৈ আহি নিজৰ নিজৰ মনোকামোনা পূৰণ হোৱাৰ বাতৰি লোকো প্ৰবাদ আছে। এইখন পূজা সমিতিৰ লগত অতঃপ্ৰোতভাৱে জড়িত পূজাৰী বাবা অমৰেন্দ্ৰ বৰদলৈ দেৱে আজি কিছুদিন পূৰ্বে মৃত্যু বৰণ কৰা বাবে পূজা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহি আত্মাৰ চিৰশান্তিও কামনা কৰা দেখা যায়। তেওঁলোকৰ এই পূজা মহোৎসৱৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু শুৰেলি অনুষ্ঠান প্ৰতিবছৰে পূজাৰ শেষৰ দিনা এইবেলি যোৱা ৯ তাৰিখে অনুষ্ঠিত হয় লোকে লোকাৰণ্য হৈ পৰা দূৰণিৰ মন্দিৰৰ পৰা প্ৰায় ৩০০ মিটাৰ মান আঁতৰত অৱস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন খেল পথাৰত অনুষ্ঠিত হয় এই শুৰেলি মহোৎসৱ। য’ত জাকে জাকে পুৰুষ মহিলা আৰু ডেকা গাভৰুৱে প্ৰাণ ভৰি ঢোলৰ ছেৱে ছেৱে নৃত্য কৰা পৰিলক্ষিত হয়। শেষত পুনৰাই মন্দিৰ গৃহলৈ সকলোৱে মিলি গোঁসাইক থাপনাত স্থাপন কৰি সন্ধিয়া ৬:০০ বজাৰ আগে আগে উক্ত স্থানৰ পৰা সকলোৱে গুচি আহে প্ৰবাদ মতে ঘন জংঘল আৰু প্ৰকাণ্ড প্ৰকাণ্ড শাল চেগুন গামাৰী ইত্যাদি নানান মূল্যবান গছ গোচনিৰ মাজত অৱস্থিত এই মন্দিৰ চৌহদত কোনো মানুহে অকলে প্ৰৱেশ কৰিব নোৱাৰে। সেয়েহে এই মন্দিৰৰ পূজাৰী সকলে মিলি সপ্তাহত প্ৰতিটো শনিবাৰে ভক্ত সকলৰ বাবে মন্দিৰৰ দুৱাৰ খোলা ৰাখে বাকী ছয় দিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে বুলি কমিতিয়ে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close