অসম

শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুত ৰখাৰ বাবে খুমটাইত যোগ প্ৰশিক্ষণ শিবিৰ

প্ৰথম খবৰ,খুমটাই:শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাৰ বাবে সমগ্ৰ দেশতে এতিয়া যোগ প্ৰশিক্ষণৰ জোৱাৰ উঠিছে। যোগাভ্যাস কৰিলে মানুহ সুস্থ হৈ থাকিব পাৰে। গ্ৰামাঞ্চলৰ প্ৰতিজন মানুহৰ ওচৰলৈ গৈ যোগ প্ৰণায়ামক লৈ নিৰোগী দেশ গঢ়াৰ কামত ব্ৰতী হৈ গোলাঘাট জিলাৰ যোগ সমিতিৰ প্ৰশিক্ষক নৰেন তাঁতীয়ে পতঞ্জলি যোগপীঠ হৰিদ্বাৰ তত্বাৱধানত ৫ দিনীয়াকৈ খুমটাইৰ গেলেকীয়ালত বিনামূলীয়াকৈ অনুষ্ঠিত কৰে যোগ প্ৰশিক্ষণ শিবিৰ। যোগ প্ৰশিক্ষণ শিবিৰটোত অঞ্চলটোৰ প্ৰায় ৫০ জনৰো অধিক পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close