অসমগোৱালপাৰা

শিমলীতোলাত কালি মন্দিৰত চুৰি কাণ্ড

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান ,প্ৰথম খবৰ: ১১মাৰ্চত গোৱালপাৰা জিলাৰ শিমলীতোলাৰ বৰবৰীত পুৱতি নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। বৰবৰীৰ কালি মন্দিৰত চুৰে চলায় ছাফাই অভিযান। মন্দিৰৰ দান পাত্ৰ ভাঙি নগদ ধন সহ মুল্যবান সা সামগ্ৰী লুটি নিয়ে চোৰে। চুৰে চাফাই অভিযান চলাই থাকোতে স্থানীয় এজন ব্যক্তিয়ে ঘটনাটো প্ৰত্যক্ষ কৰাত নিজৰ বাইকখন এৰি উধাও হয় চোৰ। চোৰে এৰি যোৱা ১৮০ পালছাৰ বাইকখনৰ নম্বৰ এছ ১৮ ডি ৫১৫২। ঘটনাস্থলীত শিমলীতোলা আৰক্ষী চকীৰ আৰক্ষীয়ে উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close