অসম

সংখ্যালঘু সম্প্ৰদায়ৰ মানৱ সম্পদ ধ্বংসৰ পৰিকল্পনা চৰকাৰৰ

প্ৰথম খবৰ,চেঙা:অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ পূৰ্ব্বৰ সকলো আঁচনি কৰ্তনক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে৷ এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক চাহনুৰ আলীয়ে কয় যে, চলিত অধিৱেশনত ২০১৮-১৯ বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে যি আঁচনি গ্ৰহণ কৰিছে সেয়া সম্পূৰ্ণ সংখ্যালঘু বিৰোধী আঁচনি৷ এয়াৰ হোষ্টেজ প্ৰশিক্ষণ, এ এন এম/জি এন এম নাৰ্চিং প্ৰশিক্ষণ, বি এচ চি নাৰ্চিং, বি ফাৰ্ম, ডি ফাৰ্ম, লেবৰটেৰী প্ৰশিক্ষণ, ফিজিঅ’ থেৰাপি, এ পি এচ চি/ইউ পি এচ চিৰ প্ৰশিক্ষণ, মেডিকেল-জে ই প্ৰশিক্ষণ, কম্পিউটাৰ পি জি ডি চি এ আদিৰ প্ৰশিক্ষণৰ দৰে পূৰ্ব্বৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধীনৰ আঁচনিসমূহ কৰ্তন কৰি সম্প্ৰদায়টোৰ মানৱ সম্পদ ধ্বংস কৰাৰ চৰকাৰে যি পৰিকল্পনা কৰিছে তাক আমি সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছো৷

বিবৃতিটোত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে নিৰ্মাণ কাৰ্য আৰু সামগ্ৰী বিতৰণৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ পৰিকল্পনা দৃষ্টি গোচৰ হৈছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, চৰকাৰখনে পূৰ্ব্বৰ ফলপ্ৰসূ আঁচনিসমূহৰ বিপৰীতে কিছুমান বণিক গোষ্ঠীৰ স্বাৰ্থৰ কাৰণে আঁচনি তৈয়াৰ কৰিছে৷ চৰকাৰখনে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ বাবে বৈষম্যমূলক নীতি গ্ৰহণ কৰা বুলি ক্ষোভ প্ৰকাশ কৰি বিবৃতিটোত তথ্যসহ কয় যে, পূৰ্ব্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰতি বছৰে সংখ্যালঘুৰ বাবে আৱন্টিত ধনৰ পৰিমাণ আছিল ২২ কোটি টকা৷ ইয়াৰ বিপৰীতে বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছত আৱন্টিত ধনৰ পৰিমাণ প্ৰথমটো বৰ্ষত ১০ কোটি, দ্বিতীয়টো বৰ্ষত ১২ কোটি আৰু তৃতীয় বৰ্ষত ১৩ কোটি ৩০ লাখ টকাহে ধাৰ্য্য কৰিছে৷ ২২ কোটি টকাৰেও সংখ্যালঘুৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ পাছত ১৩ কোটি ৩০ লাখ টকাৰে সংখ্যালঘু সকলৰ কি উন্নয়ণ সম্ভৱ হ’ব৷ চৰকাৰখনৰ ‘সবকা সাথ সবকা বিকাশ’ শ্ল’গানে সংখ্যালঘু জনসাধাৰণক স্পৰ্শ কৰিব পৰা নাই বুলি ছাত্ৰ নেতাজনে গভীৰ উদ্বেগ প্ৰকাশ কৰি পূৰ্ব্বৰ আঁচনি সমূহ বাহাল ৰাখিবলৈ দাবী জনায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close