শেহতীয়া
Home / অসম / সকলোকে কন্দুৱাই থৈ গ’ল স্নিগ্ধৰাগে

সকলোকে কন্দুৱাই থৈ গ’ল স্নিগ্ধৰাগে

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ:অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে স্নিগ্ধৰাগে।এক জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত মৃত্যুৰ আগত হাৰ মানিলে কণমানি স্নিগ্ধৰাগে। সংকটজনক অৱস্থাত প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰা হৈছিল শিশুটিক৷ অৱশেষত নিশা ১ বজাত স্নিগ্ধৰাগ মৃত্যুৰ কোলাত শুই পৰিল চিৰদিনৰ বাবে। অসমবাসীৰ ভগৱানৰ ওচৰত কৰা প্ৰাৰ্থনা যেন অসাৰ প্ৰতিপন্ন কৰি সকলোৰে মনবোৰ গধুৰ কৰি গুচি গ’ল কণমানি স্নিগ্ধৰাগ। স্নিগ্ধৰাগৰ কাৰণে অসমত পোনপ্ৰথমবাৰ গ্ৰীন কৰিডৰৰ সূচনা কৰা হৈছিল আৰু লৈ যোৱা হৈছিল নতুন দিল্লীলৈ। নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ব্যৱস্থা কৰি দিছিলে গ্ৰীন কৰিডৰৰ। কিন্তু সকলোকে মৰ্মাহত কৰি কণমানি স্নিগ্ধৰাগ গুচি গ’লগৈ। যোৱা ১০ মাৰ্চত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ প্ৰতিক্ষা হাস্পতালত স্নিগ্ধৰাগক শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগি আছিল। প্ৰতিক্ষা হস্পিটালৰ চিকিৎসক তথা পৰিয়ালবৰ্গই এযোৰ নতুন কাপোৰ পিন্ধাই বিদায় দিয়ে স্নিগ্ধৰাগক।

Leave a Reply

Your email address will not be published. Required fields are marked *

*