সভা-সমিতি

সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ভাৰত চৰকাৰৰ অধিনৰ সংগীত নাটক অকাডেমিৰ অৰ্থনৈতিক সাহায্যত অভিলাষা ডেভেলপমেন্ট চ’চাইটিৰ উদ্দোগত ঢকুৱাখনাৰ মানিকাচুক হৰি মন্দিৰৰ প্ৰাংগণত যোৱা ১২-মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ সত্ৰীয়া নৃত্যৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয়।

আজি সামৰণি পৰা সত্ৰীয়া নৃত্যৰ কৰ্মশালাখনিত জিলা সাংস্কৃতিক বিষয়া জিতেন দাস, নৃত্য বিষাৰদ ভবেন্দ্ৰ দুৱৰাকে প্ৰমূখ্যে কৰি কেইবাজনো অভিজ্ঞ ব্যক্তিয়ে-মাটি আখৰা, নাদু ভংগী, দশৱতাৰ, কৃষ্ণ, চালি, সত্ৰীয়া ইত্যাদি নৃত্যৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ঢকুৱাখনাৰ শতাধিক স্থানীয় কিশোৰ-কিশোৰীক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close