সভা-সমিতি

সদৌ অসম দেৱ-দামোদৰ সংঘৰ প্ৰাক্তন সভাপতি,কৃতী শিক্ষক ৰমনীকান্ত পাঠকৰ স্বাস্থ্যৰ বুজ ল’লে আছুৱে

প্ৰথম খবৰ, চেঙা: সদৌ অসম দেৱ-দামোদৰ সংঘৰ প্ৰাক্তন সভাপতি তথা কৃতী শিক্ষক ৰমনীকান্ত পাঠকৰ বৰপেটা জিলাৰ চেঙাস্থিত নিজ বাস গৃহত তেখেতৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি উপস্থিত হয় চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত কেইবাটিও অনুষ্ঠান-প্ৰতিষ্ঠানৰ নেতৃত্বৰ এটি সজাতি দল৷

উল্লেখ্য যে, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰূপে ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰা কৃতী শিক্ষকজনে আজি কিছুদিন ধৰি বাৰ্ধ্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল৷ অসমৰ লোক-সংস্কৃতিৰ অভিন্ন অংগ যাত্ৰা-নাটৰ এসময়ৰ বলিষ্ঠ অভিনেতা হিচাবে আজিও চিৰ পৰিচিত ৰমনীকান্ত পাঠক চেঙা অঞ্চলৰ শিক্ষক সমাজৰ বাবে সদায়ে অনুকৰণীয়,সন্মানীয়৷ বহুপ্ৰতিভাৰে প্ৰতিভাত ৰমনীকান্ত পাঠক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এজন সু-ব্যক্তা হিচাপে সমাদৃত হৈ আহিছে৷ অসমৰ ভিন্ন প্ৰান্তত ধৰ্মালোচনী সভাত ভাগৱত পাঠক আৰু ভাষ্যকাৰ হিচাপে আই-বাপ সকলক আপ্লুত কৰি অহা পাঠকৰ শব্দৰ নিক্ষেপ আৰু প্ৰয়োগৰ এক সুকীয়া সত্বাই নিজস্বতা বিৰাজমান আছিল বাবেই সদৌ অসম দেৱ-দামোদৰ সংঘৰ দৰে এটি আধ্যাত্মিক সংঘৰ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছিল৷ চেঙা অঞ্চলৰ সমাজ জীৱনৰ এক প্ৰাতঃস্মৰণীয় সত্বাৰূপে চিহ্নিত ৰমনীকান্ত পাঠকৰ এই হেঙুল-হাইতাল কৰ্ম-জীৱনৰ আজি শলাগলৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চেঙা ঐক্য সন্মিলন, চেঙা শাখা সাহিত্য সভা, দেৱ-দামোদৰ সংঘৰ চেঙা সমিতি, গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠী, চেঙাৰ বিষয় ববীয়াৰে এটি সজাতি দলে৷ দলটোৱে মান-পত্ৰ, জাপি, শৰাই আৰু গামোছাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ আগতে এক চমু কৃতজ্ঞতা অনুষ্ঠানৰ আঁত ধৰে বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি খনীন পাঠকে৷ বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা চিন্ময় ডেকাই মান-পত্ৰ পাঠ কৰাৰ পাছত চেঙা ঐক্য সন্মিলনৰ সভাপতি আৰু সম্পাদক ক্ৰমে হলধৰ দেৱ, মহানন্দ পাঠক, গন্ধৰ্ব গোষ্ঠীৰ সম্পাদক থানেশ্বৰ দাস, দেৱ-দামোদৰ সংঘ, চেঙাৰ সম্পাদক হৃদয় তালুকদাৰ শাখা সাহিত্য সভাৰ সম্পাদক হৰেকৃষ্ণ ডেকাৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে তেখতক বিপুল সম্বৰ্ধনা গ্ৰহণ কৰে৷
উল্লেখ্য যে, ভালকৈ উচ্চাৰণ কৰিব নোৱাৰা ৯০ বছৰী কৃতী শিক্ষকজন আবেগ বিহ্বল হৈ পৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close